বিদ্যুতৰ পৰা বঞ্চিত উৰিষ্যাত ফেনীত প্ৰভাৱিত লোকসকল

বিদ্যুতৰ পৰা  বঞ্চিত উৰিষ্যাত ফেনীত প্ৰভাৱিত লোকসকল

বিদ্যুতৰ পৰা বঞ্চিত উৰিষ্যাত ফেনীত প্ৰভাৱিত লোকসকল ৷ উৰিষ্যাত ফেনীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ পিছত এতিয়াও ৰাজ্যখনৰ লোকসকলৰ জীৱন গতানুগতিক দিশত আগবঢ়া নাই। ৰাজ্যখনৰ তটীয় জিলাৰ প্ৰায় ১ লাখ ৬৪ হাজাৰ পৰিয়ালৰ অধিকাংশ লোক অন্ধকাৰত আছে।

ৰাজ্যখনৰ বিভাগীয় কৰ্তৃপক্ষৰ মত অনুসৰি ৩ মে’ত অহা ধুমুহাত কেৱল পুৰীত ২ লাখ ৯১ হাজাৰ ১৭১ জন লোকৰ ভিতৰত ১ লাখ ৫১ হাজাৰ ৮৮৯ লোকৰ ঘৰত এতিয়াও বিদ্যুত লাভ কৰা নাই।

এক বিশেষ সূত্ৰৰ মত অনুসৰি পুৰীত সম্প্ৰতি বিদ্যুতৰ ব্যৱস্থাক সম্পূৰ্ণ ৰূপে ধ্বংস কৰিছে ফেনীয়ে । ফেনীয়ে ৰাজ্যখনৰ ১৪ খন জিলাত বসবাস কৰা অধিকাংশ লোকক প্ৰভাৱিত কৰিছে ৷ আৰু ফেনীত প্ৰায় ৬৪ জন লোকৰ মৃত্যু হৈছে ৷ ইফালে মৃত্যু হোৱা ৬৪ জনৰে ৩৯ জন আছিল পুৰীৰ।

অন্যহাতে পুৰীত থকা উৰিষ্যাৰ শিক্ষা মন্ত্ৰী সমীৰ ৰঞ্জন দাসে বিদ্যালয়সমূহত গ্ৰীষ্ম কালীন বন্ধৰ খোলাৰ আগতেই মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখযোগ্য উৰিষ্যাত ফেনী অহাৰ প্ৰাকমুহুৰ্তত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে সকলোকে ফেনীৰ প্ৰভাৱৰ কথা সকিয়াই দিছিল ৷ লগতে যিকোনো পৰিস্থিতিত তাৎক্ষনিকভাৱে ল’ব লগা সাৱধানতাৰ ক্ষেত্ৰত সক্ৰিয় আছিল চৰকাৰ তথা ৰাজ্যবাসী ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com