Begin typing your search above and press return to search.

এন আৰ চি আবেদনৰ শুনানিৰ পক্ৰিয়াত হাৰাশাস্তিৰ সন্মুখীন বহু লোক: সদৌ অসম ছাত্ৰ সন্থা

এন আৰ চি আবেদনৰ শুনানিৰ পক্ৰিয়াত হাৰাশাস্তিৰ সন্মুখীন বহু লোক: সদৌ অসম ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 8:41 AM GMT

দেওবাৰে সদৌ অসম ছাত্ৰ সন্থায়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰৰ যোগেদি আছুয়ে মুখ্যমন্ত্ৰীক এন আৰ চিৰ চুৰান্ত খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ আবেদন কৰা ব্যক্তি সকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰি , ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

এন আৰ চিৰ চুৰান্ত খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ এচাম অসাধু চক্ৰয়ে উঠি পৰি লগাৰ লগতে যি সকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ পুনৰ আবেদন কৰিছে তেওঁলোকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে বুলি প্ৰকাশ কৰে ।

পুনৰ আবেদনৰ শুনানিৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে । কিন্তু এই পক্ৰিয়ায়ে আপত্তি সমূহ নিষ্পত্তি কৰিব পৰা নাই । যদি শুনানিৰ সময়ত আবেদনকাৰী উপস্থিত থাকিব নোৱাৰে তেতিয়া এন আৰ চিৰ কৰ্তৃপক্ষয়ে 'পুৰ্বৰ অংশৰ' প্ৰক্ৰিয়াৰ যোগেদি সমাধান কৰিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আছুৰ সম্পাদক দিপাংকৰ কুমাৰ নাথে।

দিপাংকৰ কুমাৰ নাথে লগতে প্ৰকাশ কৰে যে ৰাজ্যৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকা অঞ্চলত অসাধু চক্ৰয়ে আছু আৰু তেওঁলোকৰ পৰিয়াল বৰ্গক ভাবুকি প্ৰদান কৰিছে ।

লগতে আছুয়ে প্ৰকাশ কৰে যে শুনানিৰ সময়ত উপস্থিত থাকিব নোৱাৰাক কেন্দ্ৰ কৰিও অপ্ৰয়োজনীয় অভিযোগ উত্থাপন হৈছে ।

আনহাতে আছু আৰু ৩০ টা জাতীয় সংগঠনে ১৯৭১ চনৰ আগত অসমলৈ অহা লোক সকলক সুৰক্ষা প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে।

এন আৰ চি পক্ৰিয়াত বৰ্তমানলৈকে প্ৰায় ২ লাখ আপত্তিৰ আবেদন দাখিল হৈছে । ৩,২৯,৯১,৩৮৪ আবেদনকাৰীৰ ভিতৰত এন আৰ চিৰ চুৰান্ত খচৰাত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে । যোৱা বছৰ প্ৰকাশ পোৱা এন আৰ চি খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰিছে । এই লোকসকলৰ ৩৬ লাখ লোকে এন আৰ চিৰ চুৰান্ত খচৰাত নাম পুনৰ অন্তভূক্তিৰ বাবে আবেদন কৰিছে। বৰ্তমান এন আৰ চিৰ আবেদন সমূহৰ শুনানিৰ পক্ৰিয়া চলি আছে । চলিত বৰ্ষৰ ৩১ জুলাইত এন আৰ চি ৰ চুৰান্ত খচৰা প্ৰকাশ পাব ।

উচ্চতম ন্যায়ালয়ৰ অধিনত এন আৰ চিৰ আবেদন সমূহৰ শুনানিৰ পক্ৰিয়া চলি আছে। আছু ৰ লগতে আন জাতীয়তাবাদী সংগঠন সমূহে এই লোকসকলক সহায় কৰাৰ কথা প্ৰকাশ কৰিছে ।

এন আৰ চিত বহুতো সন্দেহজনক লোকেও আবেদন কৰিছিল, কিন্তু তেওঁলোকে শুনানিৰ পক্ৰিয়াত অংশগ্ৰহন কৰা নাই বুলি প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি