Begin typing your search above and press return to search.

গোৱালপাৰাত বিদেশী সকলৰ বাবে পূৰ্ন পৰ্যায়ৰ স্থায়ী ডিটেনচন কেম্প

গোৱালপাৰাত বিদেশী সকলৰ বাবে পূৰ্ন পৰ্যায়ৰ স্থায়ী ডিটেনচন কেম্প

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 8:02 AM GMT

ৰাজ্যৰ বিদেশী ন্যায়াধীশকৰনে বিদেশী বুলি চিনাক্ত কৰা লোকসকলৰ আশ্ৰয়ৰ বাবে গোৱালপাৰা জিলাৰ মাটিয়াত পূৰ্ন পৰ্যায়ৰ স্থায়ী ডিটেনচন কেম্প নিৰ্মাণ কৰি থকা হৈছে । চলিত বছৰৰ ৩১ জুলাইত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশৰ পাছত হে এই স্থায়ী ডিটেনচন কেম্পটো ব্যবহাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

গৃহ মন্ত্ৰালয়ে ইতিমধ্যে স্থায়ী ডিটেনচন কেম্পৰ অনুমোদন জনাইছে । ডিটেনচন কেম্প প্ৰকল্পৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। স্থায়ী ডিটেনচন কেম্পৰ প্ৰকল্পটোৰ বাবে ১৫ বিঘা ভূমি দিয়াৰ লগতে ৪৬.৫১ কোটি টকা অনুমোদন জনোৱা হৈছে । সূত্ৰয়ে প্ৰকাশ কৰা মতে এই স্থায়ী ডিটেনচন কেম্পটো সম্পূৰ্ণ হ'লে ইয়াত ৩,০০০ বিদেশী থকাৰ সুবিধা থাকিব ।

২০১৪ চনত যিসকলক বিদেশী বুলি ঘোষণা কৰিছিল সেই লোকসকলক থাকিবলৈ এটা ডিটেনচন কেম্পৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল অসম চৰকাৰে। ২০১৫ চনত ৬ খন জিলা কাৰাগাৰত অস্থায়ী ভাবে ডিটেনচন কেম্প স্থাপন কৰিছিল । গোৱালপাৰা, শিলচৰ, কোকৰাঝাৰ, যোৰহাট , তেজপুৰ আৰু ডিব্ৰুগড়ত অস্থায়ী ডিটেনচন কেম্প স্থাপন কৰিছিল চৰকাৰে ।

ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত ৯৩৫ গৰাকী শৰনাৰ্থী আছে। ৯৩৫ ৰ ভিতৰত ৮২৩ গৰাকীক বিদেশী বুলি ঘোষণা কৰা হৈছে আৰু ১১৫ জন সন্দেহজন বিদেশী আছে। উল্লেখযোগ্য যে এই লোকসকলৰ অধিকাংশই বাংলাদেশৰ পৰা অহা । আশ্ৰয় শিবিৰ সমুহত পুৰুষ , মহিলাৰ লগতে শিশুও আছে। ২০১৯ চনৰ ডিচেম্বৰ মাহত সম্পুৰ্ণ হব লগা পূৰ্ণাংগ মাটিয়া ডিটেনচন কেম্পলৈ ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত থকা বিদেশী সকলক স্থানান্তৰ কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি