Begin typing your search above and press return to search.

ঢকুৱাখানাত জাতি জনগোষ্ঠীৰ সম্প্ৰতিৰ এনাজৰীৰে সামৰনি পৰিল ফাট বিহু

ঢকুৱাখানাত জাতি জনগোষ্ঠীৰ সম্প্ৰতিৰ এনাজৰীৰে সামৰনি পৰিল ফাট বিহু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 11:41 AM GMT

লক্ষিমপুৰ জিলাৰ ঢকুৱাখানাত উলহ মালহেৰে সামৰনি পৰিল ফাট বিহু। ঢকুৱাখানাৰ চাৰিকৰিয়া নদীৰ পাৰত মহঘূলি চাপৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰনি পৰিল ফাট বিহু।

সামৰনি দিনা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । শান্তি, সম্প্ৰতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ এই শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ উদ্বোধন কৰে অভিনেত্ৰী ৰিম্পী দাসে।

বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ফাট বিহু। বিখ্যাত গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অনুষ্ঠানটিৰ উদ্বোধন কৰে। সংস্কৃতি, সাহিত্য, আধ্যাত্মিক দিশত অবদান আগবঢ়োৱা বহুকেইজন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । সাহিত্যিক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে অনুষ্ঠানতিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিহু গৱেষক মুক্তি নাথ বৰগোহাঞি ঘোষক হিচাপে উপস্থিত থাকে । সমাজকৰ্মী আৰু কটন কলেজৰ প্ৰাক্তন উপাধক্ষ্য দেবেন দত্ত, ছবি পৰিচালক ৰীমা দাস আৰু বৰ্ণালী শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।

আনহাতে হুঁচৰি প্ৰতিযোগিতাৰ লগতে গামোচা প্ৰতিযোগিতা, মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হয় দ্বিতীয় দিনা । ৰাজ্যৰ ১০০ ৰো অধিক সাংস্কৃতিক দলে এই অনুষ্ঠানত অংশগ্ৰহন কৰে।

ফাট বিহুৰ বাৰ্ষিক আলোচনী উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজবিদ্যা অধ্যাপক ডঃ জ্যোতি প্ৰসাদ শইকীয়াই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ফাট বিহুৰ বাবে ঢেকিয়াজুলিত উপস্থিত হোৱা পৰিলক্ষিত হয় ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি