Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয় বাৰ শপত লোৱাৰ পাছত মালদ্বীপলৈ প্ৰথম বিদেশ ভ্ৰমণ মোদীৰ

প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয় বাৰ শপত লোৱাৰ পাছত মালদ্বীপলৈ প্ৰথম বিদেশ ভ্ৰমণ মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2019 12:34 PM GMT

নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত মালদ্বীপলৈ প্ৰথম বিদেশ ভ্ৰমণৰ কৰে । আজি বিয়লি মালদ্বীপত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বাবে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহমদ চলিহে প্ৰধানমন্ত্ৰীৰ সিন্ধান্তক আন্তৰিক আদৰনি জনাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানী মালেত উপস্থিত হয় ।ইয়াৰ পৰায়ে ৰাষ্ট্ৰপতিৰ লগত আলোচনাত মিলিত হব । সন্ধিয়া লৈ বৈঠকত মিলিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুখন দেশৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি সমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে । মালদ্বীপত মোদীক উষ্ম আদৰণি জনোৱা কথাও উল্লেখ কৰে । মালদ্বীপৰ বিদেশ মন্ত্ৰীয়ে টুইটাৰযোগে , নমস্কাৰ,স্বাগতম বুলি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইব্ৰাহিম মহমদ চলিহে বহু কেইখন চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । প্ৰতিৰক্ষা আৰু নিৰাপত্তা আৰু যোগাযোগৰ প্ৰকল্পৰ চুক্তিথ স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । অৰ্থনৈতিক দিশৰ সন্দৰ্ভতো মালদ্বীপৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । মালদ্বীপৰ ক্ৰিকেট ষ্টেডিয়ামত নিৰ্মাণৰ বাবেও অনুদান আগবঢ়াব বুলি প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপৰ সংসদ আৰু মাজিলিচত সম্বোধন কৰিব । সম্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখপাত্ৰ মহম্মদ নাচীদৰ সৈতে আলোচনাত মিলিত হব ।

লোকসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰি চৰকাৰ গঠন কৰাৰ পাছত প্ৰথম বিদেশী ভ্ৰমণ হিচাপে মালদ্বীপ ভ্ৰমণ কৰিছে । মালদ্বীপৰ পৰা শ্ৰী লংকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

আজি মালদ্বীপত উপস্থিত হোৱাৰ পাছত কাইলৈ অৰ্থাৎ দেওবাৰে শ্ৰী লংকাত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।"ওচৰ চুবুৰীয়া প্ৰথম নীতি " অনুসৰি দুয়োখন ৰাজ্যৰ মাজত আলোচনা হব বুলি প্ৰকাশ কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ইব্ৰাহিম চলিহাৰ শপত গ্ৰহণ অনুষ্ঠান উপস্থিত আছিল ।মালদ্বীপত উপস্থিত হৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভি কৰিব ।

মোদীৰ প্ৰথম কাৰ্যকালত বহুকেইখন দেশৰ সংসদত সম্বোধন কৰিছে তেওঁৰ ভ্ৰমণৰ সময়তে । ২০১৪ চনত ভূটাৰ সংসদত সম্বোধন কৰাৰ লগতে নেপাল, অষ্ট্ৰেলিয়া, ফিজি, মাউৰিটিউচ, শ্ৰী লংকা, মংগলিয়া, আফগানিস্তান, আমেৰিকা , বৃটেইন আৰু উগাণ্ডাৰ সংসদত সম্বোধন কৰিছিল ।

দেওবাৰে শ্ৰী লংকালৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।উল্লেখযোগ্য যে এপ্ৰিলত শ্ৰী লংকা ভয়াবহ ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটনা সংঘটিত কৰাৰ পাছত শ্ৰী লংকালৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হব প্ৰথম জন বিদেশী নেতা ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি