বালাকোট এয়াৰ ষ্টাইকৰ পৰিচালনাকাৰীক ৰ' মুখ্য হিচাপে নিযুক্তি

বালাকোট এয়াৰ ষ্টাইকৰ পৰিচালনাকাৰীক ৰ' মুখ্য হিচাপে নিযুক্তি

বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পৰিচালনাকাৰীক ৰ' (RAW) মুখ্য হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে কাশ্মীৰৰ বিশেষজ্ঞক ইন্টেলিজেন্ট বিৰ' ৰ মুখ্য হিচাপে নিযুক্তি দিয়া হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামান্ত কুমাৰ গোৱেলক ৰ' (RAW ) ৰ মুখ্য হিচাপে নিযুক্তি দিছে । আনহাতে অৰবিন্দ কুমাৰক ইন্টেলিজেন্ট বিৰ' ৰ মুখ্য হিচাপে নিযুক্তি দিছে । নিযুক্তি কেবিনেট কমিটি ( Appointment committee of cabinet) ৰ অধক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৮৬ শাখাৰ আই পি এচ বিষয়াক ডিৰেক্টৰ জেনেৰেল ( Director General) পদলৈ পদোন্নতি কৰে ।

ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৪ শাখাৰ গোৱেল পাঞ্জাব কেডাৰ আছিল আৰু কুমাৰ অসম-মেঘালয়ৰ কেডাৰ আছিল । এই মাহৰ শেষৰ ফালে দুয়োজন বিষয়ায়ে দায়িত্ব গ্ৰহণ কৰিব । বৰ্তমান আই বি ৰ মুখ্য হৈছে ৰাজীৱ জৈন আৰু ৰ' ৰ মুখ্য অনিল কুমাৰ দাছমনা। জৈন আৰু দাছমানাক ২০১৬ চনত নিযুক্তি দিয়া হৈছিল । দেশৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ কাৰ্যকাল ৬ মাহলৈ বৃদ্ধি কৰা হৈছিল । অনিল দাছমানাৰ ৩০ জুনত কাৰ্যালয় অন্ত পৰিব । সেয়েহে ২৯ জুনত তেওঁ দায়িত্ব পৰা পদত্যাগ কৰিব ।

২০১৯ চনৰ ফেব্ৰুৱাৰীত বালাকোট এয়াৰ ষ্টাইকৰ পৰিকল্পনা কৰিছিল বিষয়া জনে । উৰি আক্ৰমণৰ পিছত ২০১৬ চনত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ভাৰতে ।

১৪ ফেব্ৰুৱাৰীত পুলোৱামাত কাণ্ডৰ ১২ দিনৰ পাছতে ভাৰতৰ এয়াৰ ষ্ট্ৰাইক পাক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত । পাক অধিকৃত কাশ্মীৰৰ বালাকোটত বৃহৎ বিস্ফোৰণ| মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ বায়ুসেনাৰ। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ। ভাৰতীয় বায়ু সেনাই গোৱালিয় বিমান কোঠৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ।প্ৰায় ২০০ৰ পৰা ৩০০ সন্ত্ৰাসবাদী নিহত। পাক অধিকৃত কাশ্মীৰত জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ। বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানৰ LoC অতিক্ৰম। জইছ ঈ মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস এই আক্ৰমণত।২১ মিনিট ধৰি সন্ত্ৰাসবাদীৰ ঘাটিত একেৰাহে আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ। চকোটি আৰু মুজফ্ফৰবাদতো আক্ৰমণ বায়ুসেনাৰ। বৰ্বৰ পুলৱামাকাণ্ডৰ ১২ দিনৰ পিছত ১২ খন বিমানেৰে আক্ৰমণ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে অভিযানৰ কথা জনাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সীমান্তৰ সকলো নিৰাপত্তাৰক্ষীক সতৰ্ক কৰা হৈছে। কূটাঘাতৰ আশংকাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে সীমান্তত।

অধিক খবৰৰ বাবে পঢ়ক :

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com