গুৱাহাটী ডকাইতি কাণ্ডৰ সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ

গুৱাহাটী ডকাইতি কাণ্ডৰ সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ

গুৱাহাটী ডকাইতি কাণ্ডৰ সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ৷ মহানগৰীৰ ফাঁচী বজাৰৰ ফেডাৰেল বেংকৰ সন্মুখৰ পৰা ৪০ লাখ ডকাইতি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সৰ্বত্ৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে এই সন্দৰ্ভত দুজন নিৰাপত্তাৰক্ষী,গাড়ী চালকৰ লগতে আন এজনক গ্ৰেপ্তাৰ কৰিছে৷

বেংকৰ কৰ্তৃপক্ষই ৫৯৯/১৯ইউ এচ আইপিচি ৩৯২ ত পানবজাৰ আৰক্ষীথানাত এখন এজাহাৰ দাখিল কৰে ।নিৰাপত্তাৰক্ষী ভৱেশ কলিতা মংগলবাৰে তিহুৰ হাৰিভাঙাৰ পৰা আহিছিল ৷ গাড়ী চালক বলোৰাম কলিতা,নিৰাপত্তাৰক্ষী ভৱেশ কলিতা,দুজন অন্য জাকিফৰ ৰহমান আৰু তাপস বসু বামুনী মৈদামৰ ৰেলৱে কলনী বাসিন্দা ৷তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব ৷

উল্লেখ্য যে ভি এছ এল এজেন্সীৰ কৰ্মচাৰীয়ে মংগলবাৰে দিনৰ বাৰ বজাত এ এচ ০১ ডি চি ০৮৫৫ নম্বৰৰ ক’লা ৰঙৰ মাৰুতি ভানেৰে শিলপুখুৰীৰ ফেডাৰেল বেংকৰ পৰা ৪০ লাখ টকা উলিয়াই ৷

ইয়াৰ পিছত সেই টকা খিনি লৈ যায় ফাঁচী বজাৰৰ এম জি ৰোডৰ ফেডাৰেল বেংকলৈ ৷বেংকৰ সন্মুখত ভানখন ৰখাই ৪০ লাখ টকাৰ বেগ আৰু চালকজনক থৈ দুজন কৰ্মচাৰী ফেডাৰেল বেংকলৈ যায় ৷ আৰু ফাচী বজাৰৰ ফেডাৰেল বেংকটোৰ পৰা ৮০ লাখ টকা উঠাই গাড়ীখনৰ ওচৰলৈ আহে।

কিন্তু সেই সময়তে পালচাৰ মটৰ চাইকেলত উঠি অহা দুজন যুৱকে গাড়ীখনৰ ভিতৰৰ পৰা ৪০ লাখ টকাৰ বেগটো লৈ উধাও হয় ৷ আনহাতে এই সমস্ত ঘটনা বেংকৰ চিচি টিভি কেমেৰাত আৱদ্ধ হয়। আৰু বেংকৰ কৰ্মচাৰীয়ে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ আৰু আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Heavy Rain and Man Made Flash Floods cause travel chaos across Guwahati City

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com