গছপুলি ৰোপণৰ সদ ইচ্ছাৰ অভাৱত ব্যৰ্থ চৰকাৰ: অবাধ হাৰত বেদখল বনাঞ্চল

গছপুলি ৰোপণৰ সদ ইচ্ছাৰ অভাৱত ব্যৰ্থ চৰকাৰ: অবাধ হাৰত বেদখল বনাঞ্চল

প্ৰত্যেক বছৰে বন মহোৎসৱ লাখ লাখ গছ পুলি ৰোপণ কৰিবলৈ পালন কৰা হয়, যেতিয়া সংৰক্ষিত বনাঞ্চল , ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু বন্যপ্ৰানী অভয়াৰণ্য সমুহত অবাধে দখল অব্যাহত আছে অথবা অবহেলাৰ সন্মুখীন হৈছে ? প্ৰত্যেক বছৰে ৰাজ্যত ১ জুলাইৰ পৰা ৭ জুলাইলৈকে বন মহোৎসৱ উৎযাপন কৰা হয়।

সুত্ৰয়ে প্ৰকাশ কৰা মতে, অসমত ৩,৩৯৬ বৰ্গৰ কিলোমিটাৰ বনাঞ্চলে আবৰি আছে। আৰু প্ৰত্যেক বছৰে বনাঞ্চল দখল ক্ৰমাগত ভাৱে বৃদ্ধি হৈছে । এই ক্ষেত্ৰত চৰকাৰে কি ব্যবস্থা গ্ৰহণ কৰিছে । সেউজ সংস্থা ( Green NGO) সমূহে অভিযোগ উত্থাপন কৰিছে যে, অসমৰ ২০ খন বন্যপ্ৰানী অভয়াৰণ্য আৰু ২৭১ খন সংৰক্ষিত বনাঞ্চলত প্ৰায় ৪ লাখ লোকে দখল কৰি আছে । ৰাজ্যত ২৬,৮৩২ বৰ্গ কিলোমিটাৰ ৰ ৬৬.৫ শতাংশ সংৰক্ষিত বনাঞ্চল আৰু ৩৩.৪ শতাংশ অসংৰক্ষিত বনাঞ্চল । কিন্তু সংৰক্ষিত আৰু অসংৰক্ষিত ৰ

বনাঞ্চলত দখল অব্যাহত আছে ।

সমগ্ৰ অসমতে বন মহোৎসৱত বহুতো গছ পুলি ৰোপণৰ ব্যবস্থা কৰা হয় আৰু বহু অৰ্থ ব্যয় কৰি এই গছ পুলি সমূহ ৰোপণ কৰা হয় । কিন্তু গছ পুলি সমূহ ৰোপণ কৰাৰ পিছত এই গছ পুলি সমূহৰ প্ৰতিপালনৰ ক্ষেত্ৰত কোনো ব্যবস্থা কৰা নহয় ।

কাজিৰঙা বন্যপ্ৰানী সমাজ (kaziranga wildlife society) , আৰলি বাৰ্ডচ ( Early Birds ) আৰু আৰন্য সুৰক্ষা সমিতি (Aranya suraksha samiti) য়ে প্ৰকাশ কৰা মতে , শোণিতপুৰ জিলাতে ৮৯২ বৰ্গ কিলোমিটাৰ বনাঞ্চল দখল কৰা হৈছে , আমচাং বনাঞ্চলৰ ৭৮২ বৰ্গ কিলোমিটাৰ দখল কৰা হৈছে আৰু সোনাই ৰূপাই বনাঞ্চলৰ ৮৫ বৰ্গ কিলোমিটাৰ দখলত আছে । যোৱা ২০ বছৰত মানস অভয়াৰণ্যত ৫৩ খন গাঁও অবৈধ ভাৱে বহিছে।

কেৱল বনাঞ্চলতে দখল কৰা হোৱা নাই সমান্তৰালকৈ গুৱাহাটী আৰু ওচৰচুবুৰীয়া পাহাৰ সমূহতো অবাধে দখল কৰা পৰিলক্ষিত হৈছে । গছ কটাৰ লগতে , মাটি কাটি , শিল ভাঙি আদিৰে পাহাৰ সমূহ দখল কৰি বসতি স্থাপন কৰিছে।

বন বিষয়া এগৰাকীয়ে প্ৰকাশ কৰে যে," যেতিয়া দখল কৰা হয় , তেতিয়াই সদায় বিভাগক দোষ দিয়া হয়। কিছুমানত দুৰ্নীতিগ্ৰস্ত বিষয়া জৰিত আছিল যদিও গোটে বিভাগটোক দোষাৰোপ কৰা যুক্তিসংগত নহয় । "

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com