ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ দুখ লগা ছবি: চিকিৎসাৰ বাবে নাই উন্নত ব্যবস্থা

ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ দুখ লগা ছবি: চিকিৎসাৰ বাবে নাই উন্নত ব্যবস্থা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী চিকিৎসালয় সমূহত ৰোগীৰ বাবে নাই উন্নত ব্যবস্থা । গ্ৰাম্য অঞ্চলতো বাদেই গুৱাহাটীৰ চৰকাৰী চিকিৎসালয়ৰ দুখ লগা অবস্থা । তাৰে এক উদাহৰণ হৈছে হৈছে ১৯৮৪ চনতে গুৱাহাটীত স্থাপন কৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়।পূৰ্বৰ তুলনাত চিকিৎসালয়খনত আজি বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে ৰোগীৰ সংখ্যা বৃদ্ধিৰ পোৱাৰ পিছতো আজি পৰ্যন্ত চৰকাৰী চিকিৎসালয়খনত নাই উন্নত চিকিৎসা ব্যৱস্থা। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পিছতে প্ৰথম গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয় মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়| কিন্তু চিকিৎসালয়খনত আজি পৰ্যন্ত নাই'আইচিইউ' ব্যৱস্থা |

এমাহত প্ৰায় তিনিশৰো অধিক ৰোগীক অষ্ট্ৰোপচাৰ কৰা হয় এই চিকিৎসালয় খনত, আইচিইউ ব্যবস্থা নথকাৰ বাবে জটিল অস্ত্ৰোপচাৰ কৰাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰিব লগা হয় ৷আইচিউ যুক্ত তিনিখন বিচনা যুক্ত আইচিউ দিছে যদিও বৰ্তমানলৈকে ই কাৰ্যক্ষম হোৱা নাই ৷

হস্পিতাল খনৰ অধীক্ষক মাধৱ ৰাজবংশীয়ে কয় যে আইচিইউ যুক্ত তিনিখন বিচনা হলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা ৰোগীৰ সংখ্যা হ্ৰাস হব ৷

আনহাতে চিকিৎসালয় খনত আছে মাত্ৰ এটা xray মেচিনে ৷ নতুন মেচিনৰ বাবে প্ৰস্তাৱ দিছে যদিও এতিয়ালৈ নতুন মেচিন অহা নাই বুলি প্ৰকাশ কৰে ৷ যাৰ ফল ঘন্টা ঘন্টা ধৰি ৰব লগা হয় ৰোগী সকল ৷ এই মেচিনটো কেতিয়াবা বন্ধ হ'লে বিভাগত থকা তিনিটা পৰ্টেবল মেচিনৰ সহায়ত xray কৰা হয় যদিও সকলো ধৰনৰ ৰোগৰ বাবে ই সম্ভৱ নহয় ৷ দুটা চনোগ্ৰাফি মেচিন আছে যদিও আৰু লাগে এই মেচিন যিহেতু আগতকৈ বৃদ্ধি হৈছে ৰোগীৰ সংখ্যা ৷

হাস্পতালখনলৈ ৰোগীক অনা-নিয়াৰ কৰাৰ বাবে বৰ্তমান সময়ত দুখন পোন্ধৰ বছৰৰো অধিক পুৰণি এম্বুলেন্স আছে যদিও তাৰে এখনহে আজিৰ দিনত ব্যৱহাৰ কৰিব পৰা হৈ আছে। আনখন কাৰ্যক্ষম হৈ থকা নাই ৷ কিন্তু এম্বুলেন্সৰ এই অভাব দূৰ কৰিছে ১০৮ আৰু ১০৮ সেৱায়ে ৷

আনহাতে,হাস্পতালখনৰ অতিৰিক্ত অধীক্ষক ডঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে চৰকাৰ তথা স্বাস্থ্য বিভাগক ৰোগী সকলক সুবিধা কৰি দিবলৈ আহ্বান জনাই ৷ লগতে বিভিন্ন বিভাগ লগ হৈ প্ৰায় ৩৫ টা মান পদ খালী আছে হস্পিতালখনৰ এই বিভাগ সমূহ পূৰনৰ বাবে তেও চৰকাৰক আহ্বান জনাইছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com