আৰম্ভ হ’ল ৰাওডী ৰাথোৰ ২ৰ নিৰ্মাণৰ কামঃ কিন্তু কোনো হ’ব ৰাওডী ?

আৰম্ভ হ’ল ৰাওডী  ৰাথোৰ ২ৰ নিৰ্মাণৰ কামঃ কিন্তু কোনো হ’ব ৰাওডী  ?

আৰম্ভ হ’ল ২০১২ চনৰ সফল ছবি ৰাউডী ৰাথোৰৰ চিকুৱেল । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি পৰিচালক শবীনা খানে এই কথা জানিবলৈ দিছে ৷ শবীনা খানে জানিবলৈ দিয়ে যে আমি ৰাওডী ৰাথোৰ ২ ৰ কাহিনীত কাম কৰি আছোঁ ৷ আশা কৰা হৈছে অক্ষয় কুমাৰেই ইয়াৰ মুখ্য চৰিত্ৰত থাকিব ।

শবীনা খানে প্ৰতিবেদনত উল্লেখ কৰিছে যে টয়লেট এক প্ৰেম কথা,পেডমেনৰ দৰে ছবিয়ে অক্ষয় কুমাৰে হাস্য মধুৰ দিশটোক দেখুৱাইছে। অক্ষয় কুমাৰে প্ৰত্যেকটো চৰিত্ৰ সাৱলীলতাৰে উপস্থাপন কৰিছে ৷ বা যি কোনো চৰিত্ৰ অতি সাৱলীলতাৰে অভিনয় কৰিব পাৰে । ইফালে শবীনা প্ৰভুদেৱাৰ নিৰ্দেশনাত নিৰ্মাণ হোৱা ছবি ৰাওদী ৰাথোৰ ছবিত সঞ্জয় লীলা ভাঞ্চালীৰ সহনিৰ্মাতা আছিল৷ এই ছবিখনত অক্ষয় কুমাৰে এগৰাকী পুলিছ ইনস্পেক্টৰৰ ভূমিকাত অভিনয় কৰিছিল ৷

ৰাওডী ৰাথোৰ ছবিখন এচ এচ ৰাজা মৌলিৰ ৰবি তেজা আৰু অনুস্কা চেট্টীৰ ২০০৮ চনত মুক্তি প্ৰাপ্ত তেলেগু ছবি Vikramarkudu ৰ হিন্দী ৰিমেক আছিল ৷ অন্যহাতে অক্ষয় কুমাৰ সম্প্ৰতি ৰোহিত চেট্টীৰ সূৰ্যবংশীৰ দৃশ্য গ্ৰহণত ব্যস্ত আছে ৷ সম্প্ৰতি এই ছবি খনৰ দৃশ্যগ্ৰহণ হৈছে বেংকত ৷ সূৰ্যবংশীৰ উপৰিও অক্ষয় কুমাৰ আৰু কৰীনা কাপুৰক গুড নিউজ"ত দেখিবলৈ পোৱা যাব ৷ গুড নিউজৰ দৃশ্য গ্ৰহণ সম্প্ৰতি সম্পূৰ্ণ হৈছে ৷

২০১৭ চনত মুক্তি প্ৰাপ্ত ছবি তথা প্ৰিয়দৰ্শনৰ নিৰ্দেশনাত নিৰ্মিত ছবি ভূলভূলেইয়াঁৰ ৰিমেকৰ খবৰে বিশেষ ভাৱে উৎসুকতা প্ৰদান কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰিমেক কৰা ভূলভূলইয়াঁ ছবিৰ নিৰ্দেশনা কৰিব ফৰহাদ চমজিয়ে ৷ এক বিশেষ সূত্ৰ অনুসৰি পৰিচালক ভূষণেো ভুলভুলেইয়াঁ ছবিখনত ফাৰহাদ চমজিৰ লগত কাম কৰিব ৷ আজি কিছুদিনৰ পূৰ্বতে টী চিৰিজৰ দ্বাৰা ভুলভুলেইয়াঁ টু নামেৰে ছবিখনৰ নাম ওলোৱাৰ খবৰ আহিছিল ৷

ভুলভুলেইয়াঁ ছবিখন তামিল ব্লক ব্লাষ্টাৰ হিট ছবি চন্দ্ৰমুখীৰ আধাৰত নিৰ্মিত ৷ চন্দ্ৰমুখীত অভিনয় কৰিছিল দক্ষিণৰ অভিনেতা ৰজনীকান্তে ৷১৯৯৩ চনত মুক্তি প্ৰাপ্ত মালায়লম ছবি মণিচিত্ৰাথু আধাৰত নিৰ্মিত ৷ছবিখনত অভিনয় কৰিছিল মোহনলাল আৰু শোভনাই ৷ভুলভুলেইয়াঁ ছবিখনত আমেৰিকাৰ নিবাসী সিদ্ধাৰ্থ চতুৰ্বেদী আৰু অৱনীৰ ওপৰত নিৰ্মিত ৷ ছবিখনত সিদ্ধাৰ্থ চতুৰ্বেদীৰ চৰিত্ৰত অভিনয় কৰিছে চাইনী আহুজা আৰু বিদ্যা বালানে অভিনয় কৰিছে অবনীৰ চৰিত্ৰত ৷ ছবিখনত সিদ্ধাৰ্থ আৰু অৱনী পতি পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷

সিদ্ধাৰ্থ আৰু অৱনীযে পিতৃৰ পুৰনি বাসগৃহত উপস্থিত হয় তেতিয়াৰ পৰা গতি পৰিৱৰ্তন হয় ছবিখনৰ ৷কাৰণ ছবিখন সিদ্ধাৰ্থ আৰু অৱনীৰ পৰিয়ালে বাস কৰা বাসগৃহটোত লাহে লাহে ভৌতিক কিছুমান ঘটনাৰ সংঘটিত হ’বলৈ ধৰে ৷ ইয়াৰ পিছতেই এই সকলো ঘটনাৰ অধ্যয়ন কৰে ছবিখনৰ এটি প্ৰধান চৰিত্ৰ আদিত্য অৰ্থাৎ অক্ষয় কুমাৰে ৷ ছবিখনত অক্ষয় কুমাৰ,চাইনী আহুজা,বিদ্যা বালানৰ উপৰিও অমিষা পেটেল,পৰেশ ৰাৱল আৰু ৰাজপাল যাদৱে অভিনয় কৰিছিল ৷ নিৰ্দেশক ফৰহাদে সম্প্ৰতি অক্ষয় কুমাৰৰ হাওচফুল ২ ত কাম কৰি আছে ৷ ইয়াৰ উপৰিও তেওঁ বৰুণ ধাৱন আৰু সাৰা আলী খানৰ অভিনীত ৰিমেক ছবি কুলী নাম্বাৰ ১ৰ কামত ব্যস্ত হৈ আছে ৷

সততে বলীউডক ছুপাৰহিট ছবি উপহাৰ দিয়া অক্ষয় কুমাৰৰ অনাগত ছবি হৈছে হাউচফুল ৪ ৷ অক্ষয় কুমাৰৰ উপৰিও ছবিখনত অভিনয় কৰিব ববী দেওল,ৰিতেশ দেশমুখ,কৃতি চানন,কৃতি খৰবন্দা আৰু পুজা হেগৰেই ৷ ছবিখন মুক্তি পাব দীৱালীত ৷ অক্ষয় কুমাৰৰ শেহতীয়াকৈ আহিব লগীয়া ছবিসমূহৰ ভিতৰত আছে হাউচফুল ৪,লক্ষ্মী ব’ম্ব আৰু মিশ্যন মংগল৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com