Begin typing your search above and press return to search.

বিদুৎ শক্তিৰ নাটনি সমস্যা অসমৰ বাবে প্ৰত্যাহবান স্বৰূপ হৈ পৰিছে

বিদুৎ শক্তিৰ নাটনি সমস্যা অসমৰ বাবে প্ৰত্যাহবান স্বৰূপ হৈ পৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2019 8:29 AM GMT

অসমত বিদুৎ উৎপাদনৰ বৃহৎ সম্ভাৱনা থকাৰ পাছতো , অসমে বিদুৎ শক্তিৰ নাটনিত ভূগিব লগা হৈছে । প্ৰত্যেক ঘন্টাত অসমত ১৮৫০ মেগাৱাটৰ প্ৰয়োজন যদিও বিভাগে ১৩০০ মেগাৱাট যোগান ধৰিবলৈ সক্ষম হৈছে । ২০১৭-১৮ চনত প্ৰয়োজনীয় ১৭৫০ মেগাৱাটৰ পৰিবৰ্তে ১৪০০ মেগাৱাটহে যোগান ধৰিব পাৰিছিল । বৰ্তমান সময়তো ৩০০ ৰ পৰা ৪০০ মেগাৱাটৰ নাটনি হৈছে ।

ৰাজ্যয়ে নিজৰ উৎসৰ যোগেদি ৪০০ মেগাৱাটৰ অধিক উৎপাদন কৰিবলৈ সক্ষম হয়। সেয়েহে ৰাজ্যয়ে আনৰ পৰা অধিক দামত বিদুৎ ক্ৰয় কৰিব লগা হৈছে। ২০২২ -২৩ চনত ঘন্টাই প্ৰতি ৩০০০ মেগাৱাটৰ প্ৰয়োজন হব । এই ক্ষেত্ৰত বিদুৎ বিভাগে কি ব্যবস্থা গ্ৰহণ কৰিব, সৈতে এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।

এ পি ডি চি এলৰ মেনেজিং পৰিচালক ৰাকেশ আগৰৱালায়ে প্ৰকাশ কৰে যে ইতিমধ্যে কোম্পানীয়ে আন এজেঞ্চীৰ লগত চুক্তি স্বাক্ষৰ কৰিছে । ২০২২-২৩ ত প্ৰয়োজন সাপেক্ষে চুবুৰীয়া দেশ ভূটানৰ পৰা ১৪২০ মেগাৱাটৰ ক্ৰয় কৰিব বুলি প্ৰকাশ কৰে। আন বিভিন্ন প্ৰকল্পৰ সৈতে চুক্তি বদ্ধ হৈছে বুলি প্ৰকাশ কৰিছে । শক্তি উৎপাদনৰ বাবে বঙাইগাঁওৰ থাৰমাল শক্তি ষ্টেচনটো পুনৰুজ্জীৱন কৰিব বুলি প্ৰকাশ কৰে ।

লগতে ৰাকেশ আগৰৱালায়ে কয় যে ৰাজ্যৰ বিদুৎ শক্তিৰ নাটনিৰ বাবে বিভাগে আন এজেঞ্চীৰ পৰা ক্ৰয় কৰিছে ।কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় নিজে বিদুৎ উৎপাদন কৰাতকৈ আন পৰা ক্ৰয় কৰোতে ব্যয় কম হয় । এপিডিচিএলে বাহিৰৰ পৰা প্ৰতি ইউনিটত ৭ ৰ পৰা ৭.৫০ টকাত ক্ৰয় কৰে ।

কেন্দ্ৰীৰ সুভাগ্য আচনিৰ অধিনত এ পি ডি চি এলে সফল ভাৱে ১৭ লাখ অতিৰিক্ত গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হৈছে । অসমৰ মুখ্যমন্ত্ৰীৰ আচনিৰ অধিনত এ পি ডি চি এলে ৫২ লাখ ঘৰত ৪ টাকৈ এল ই ডি বিনামূলীয়াকৈ প্ৰদান কৰিছে । আন ১০ লাখ ঘৰক বিনামূলীয়াকৈ এল ই ডি দিব বুলি প্ৰকাশ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি