Begin typing your search above and press return to search.

তেৰ দিন ধৰি বিদ্যুৎ কৰ্তন ৰাঙলুবস্তিত , অন্ধকাৰত দিন কটাইছে ৰাইজে

তেৰ দিন ধৰি বিদ্যুৎ কৰ্তন ৰাঙলুবস্তিত , অন্ধকাৰত দিন কটাইছে ৰাইজে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2019 6:04 AM GMT

তেৰ দিন ধৰি বিদ্যুৎ কৰ্তন ৰাঙলুবস্তিত , অন্ধকাৰত দিন কটাইছে ৰাইজে ।বিদ্যুতৰ অভাৱত কচুৱাৰ ৰাঙলুবস্তিত গাঁৱৰ ৰাইজে অন্ধকাৰত দিন কটাব লগীয়া হৈছে ।তেৰ দিন ধৰি বিদ্যুত কৰ্তন হৈ আছে ৰাঙলুবস্তি অঞ্চলত । বাহৰ খুটাত কৰা হয় বিদ্যুত সংযোগ ।

কঠীয়াতলী বিদ্যুত সংমণ্ডলৰ অধিনষ্ঠ কচুৱাৰ ৰাঙলুবস্তিত গাঁৱৰ ৰাই জে অন্ধকাৰত দিন কটাইছে ।তেৰ দিন ধৰি বিদ্যুত কৰ্তন ফলত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগীয়া হৈছে স্থানীয় ৰাইজ । যোৱা ১১ অক্টোবৰত গাওঁ খনৰ একাংশ লোকে বিদ্যুতৰ বিল আদায় নিদিয়াৰ অজুহাতত সমগ্ৰ অঞ্চলটোতে বিদ্যুত কৰ্তন কৰিছিল বিদ্যুত বিভাগৰ কৰ্মীয়ে ।

যাৰ কাৰণে বিদ্যুতৰ বিল আদায় দিয়া গ্ৰাহক সকলো অতিষ্ঠ হৈ পৰিছে । কাৰন বিল আদায় দিয়া লোক সকলেও আন্ধাৰত দিন কটাব লগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ মিটাৰ চেক নকৰাকৈ অনুমানিক ভাৱে গ্ৰাহকক বিল দিয়ে বিদ্যুত বিভাগে ।স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে অকল মিটাৰ চেক কৰাই নহয় মাহেকে পষেকেও বিদ্যুত বিভাগৰ কৰ্মচাৰী নাহে গাৱলৈ বা কোনো ধৰনৰ সমস্যাৰ কথা জানিব চেষ্টা নকৰে ।

তাৰোপৰি কঠীয়াতলী বিদ্যুত সংমণ্ডলৰ অধিনষ্ঠ কচুৱাৰ ৰাঙলুবস্তি অঞ্চটোত বাঁহৰ খুঁটাত কৰা হৈছে বিদ্যুৎ সংযোগ। বাঁহৰ খুটাত বিদ্যুত সংযোগ কৰাৰ ফলত ভয়াবহ জীৱন কটাইছে স্থানীয় ৰাইজে ।ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুতৰ খুটা বোৰ কেইজনমান মধ্যভোগীয়ে চাৰিৰ পৰা পাচ হাজাৰ টকাত বিক্ৰী কৰি আছে ।বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ অনিয়ম আৰু কামপুৰত বিদ্যুত বিভাগৰ দুৰবস্থাত অতিষ্ঠ হৈ ৰাইজে অভিযন্ত্ৰা জনক অভিযোগ দিবলৈ গলে বিভিন্ন কথাৰে গালি শুনাই বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে ।

ঠাই খনৰ স্থানীয় বিদ্যুতৰ গ্ৰাহক সকলে বিল আদায় দিয়া লোক সকলক পুনৰ বিদ্যুত সংযোগ কৰাৰ লগতে বাঁহৰ খুটাৰ ঠাইত পকী খুটাত বিদ্যুত সংযোগ কৰাৰ বাবে দাবী জনাই । গতিকে ইয়াৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ'ব লক্ষ্যনীয় ।

Also Read: অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি ২০২১ৰ পৰা কাৰ্যকৰী হব দুটা সন্তানৰ নিয়ম

Also Watch: SMSS formed Human Chain to protest against ‘Citizenship Amendment Bill’ across Assam

Next Story
চাকৰি