মুক্তিৰ আগেয়ে সাহুৱে ভংগ কৰিলে বাহুবলী ২ ৰ ৰেকৰ্ড

মুক্তিৰ আগেয়ে সাহুৱে ভংগ কৰিলে বাহুবলী ২ ৰ ৰেকৰ্ড

মুক্তিৰ আগেয়ে সাহুৱে ভংগ কৰিলে বাহুবলী ২ ৰেকৰ্ড । সাহুৱে ভংগ কৰিলে ২০১৭ চনত মুক্তি লাভ কৰা ছবি বাহুবলী ২ ৰ ৰেকৰ্ড ।দক্ষিন ভাৰতৰ অভিনেতা প্ৰভাস আৰু বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ সাহু ছবি সম্প্ৰতি চৰ্চাৰ শীৰ্ষত। মাল্টিষ্টাৰৰ ছবিখনক লৈ দৰ্শকসকলৰ মাজত দেখা গৈছে তীব্ৰ উৎসুকতা ৷সাহু ছবিখনক হিন্দী,তামিল আৰু মালায়ালাম ভাষাত মুক্তি দিয়া হ’ব।

লগতে উত্তৰ ভাৰতত ছবিখনত ৪৫০০ স্কীনত মুক্তি পাব ৷ গতিকে এক বিশেষ সূত্ৰ খবৰ অনুসৰি সাহু ছবিয়ে বাহুবলী ২ ৰ ৰেকৰ্ড ভংগ কৰিলে। বাহুবলী ২ ৰ মুক্তিৰ ২ বছৰৰ পিছত প্ৰভাসৰ এক্সন ছবি সাহু মুক্তি পাব ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি সাহু ছবিখনত তামিলনাডুত প্ৰায় ৫৫০ খনত স্কীণত মুক্তি পাব ৷ কিন্তু ইয়াৰ পূৰ্বে বাহুবলী ২ ছবি ৰাজ্যখনত ৫২৫ খন স্কীণত মুক্তি লাভ কৰিছিল ।

ইফালে ৰাজামৌলীৰ বাহুবলী ২ ৰ পিছত প্ৰভাসৰ সাহু ছবিখন হৈছে এখন উল্লেখ যোগ্য ছবি ৷ কাৰণ বাহুবলী ২ ৰ পিছত সাহু ছবিখন প্ৰভাসৰ প্ৰথম ছবি হোৱাৰ কাৰণে এই ছবিখনল ৰাজামৌলীৰ ছবিৰ লগত তুলনা কৰা হৈছে । আনহাতে সাহু ছবিখন জনপ্ৰিয় কৰাৰ কাৰণে সম্প্ৰতি ছবিখনৰ কলা কুশলীসকলে কোনো সুৰঙা ৰখা নাই ৷তেলেগু থ্ৰিয়েট্ৰিকেল ৰাইট্চ ১২৫ কোটিত বিক্ৰী কৰা হৈছিল। আনহাতে বাহুবলী ২ তেলেগু ৰাইট্চ বিক্ৰী কৰা হৈছিল ১২২ কোটি টকাত।

গতিকে সম্প্ৰতি তামিলনাডুত সাহু ছবিত স্কীণৰ সংখ্যাই প্ৰভাসৰ বহু ছবিৰ ৰেকৰ্ড ভংগ কৰিব। সাহুৰ প্ৰত্যেকটো ৰেকৰ্ড বাহুবলী ২ ৰ লগত তুলনা হ’ব ।কিন্তু প্ৰভাসৰ মন্তব্য যে দুয়োখন ছবি পৃথক ছবি ৷কাৰণ বাহুবলীৰ দৰে ছবি কেৱল এবাৰহে নিৰ্মাণ কৰিব পাৰে । উল্লেখ যে সাহু ছবিখন মুক্তি পাব ৩০ আগষ্ট’ত।

ৰোহিত চেট্টীৰ ছবি আৰু গাড়ী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷কিন্তু ৰোহিত চেট্টীৰ এইবাৰ প্ৰত্যাহ্বান জনাইছে সাহু ছবিৰ পৰিচালক সুজিতৰ ৷ৰোহিত চেট্টীৰ ছবিসমূহত য’ত প্ৰায় এক দৰ্জন গাড়ী উৰাই। ইয়াৰ বিপৰীতে সাহুত পৰিচালক সুজিতে প্ৰায় তিনিডৰ্জন গাড়ী ব্লাষ্ট কৰোৱাই ৷

এই ছবি খনৰ এক্সন এভেঞ্জাৰ আৰু টান্সফাৰ্মছৰ দৰে ছবিৰ ডিজাইন কৰা এটি টিমে নিৰ্মাণ কৰিছে ৷ মনকৰিবলগীয়া কথা এয়ে যে সাহু ছবিখনৰ টাইটেল লোৱা হৈছে সংস্কৃতৰ পৰা ৷সম্ভৱত প্ৰথমবাৰৰ কাৰণে বলীউডত কোনো ছবিৰ টাইটেল সংস্কৃতত লোৱা হৈছে ৷

ছবিখনত প্ৰভাস,শ্ৰদ্ধা কাপুৰৰ উপৰিও নীল নীতিন মুকেশ,জেকী শ্ৰফ,চাঙ্কী পাণ্ডে আদি বহু ন পুৰণি শিল্পীয়ে অভিনয় কৰিব। ছবিখনৰ নিৰ্দেশন কৰিছে সুজীতে ৷এক বিশেষ সূত্ৰৰ মতে সাহু ছবিৰ কাৰণে প্ৰভাসে পাৰিশ্ৰমিক লৈছে ১০০ কোটি আৰু শ্ৰদ্ধা কাপুৰে লৈছে ৭ কোটি টকা ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Religious procession by Sikh community people arrives in Biswanath Chariali

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com