অসম চৰকাৰক সময় সীমা নিৰ্ধাৰণ কৰি দিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই

অসম চৰকাৰক সময় সীমা নিৰ্ধাৰণ কৰি দিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে দাবী কৰে যে ৰাজ্য চৰকাৰৰ অন্তৰ্গতত বিভিন্ন বিভাগত বিকলাংগ ব্যক্তিসকলৰ কাৰণে থকা সংৰক্ষিত পদত এক সপ্তাহৰ ভিতৰত আৰক্ষী বিভাগত নিযুক্তি প্ৰদান কৰিব লাগে । ৷যদি এই অনুৰোধ চৰকাৰে পালন নকৰে তেন্তে প্ৰতিবন্ধী সুৰক্ষা সংন্থাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব ৷

বুধবাৰে সংন্থাৰ প্ৰতিনিধিমণ্ডলৰ এখন বৈঠক আয়োজিত কৰা হয় । এই বৈঠকত ৰাজ্য চৰকাৰৰ অন্তৰ্গত আৰক্ষী পদৰ কাৰণে বিভিন্ন পদ পূৰণৰ কাৰণে নিৰ্ণয় লয় ৷ প্ৰতিবন্দী সুৰক্ষা সংগঠনৰ সচিব নৃপেন মালাকাৰে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পিডব্লিউডিৰ লোকসকলক সহায় কৰিবৰ কাৰণে আশ্বাস প্ৰদান কৰিছিল ৷

গতিকে সৰ্বানন্দ সোনোৱালৰ এইয়াই উপযুক্ত সময় যি সময়ত সোনোৱালে নিজক ভাষ্যক বাস্তৱত ৰূপায়িত কৰিব পাৰে। ৰাজ্য চৰকাৰৰ অন্তৰ্গতত ৫৪ বিভাগত ৪৪১৯ টা খালী হৈ থকা পদ আছে ৷অৱশ্যে কেৱল ২৩ টা বিভাগত কেৱল ৮৬৪ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷মালাকাৰে লগতে কয় যে ২০১৮ চনৰ ২১ ডিচেম্বৰত প্ৰতিবন্দী সুৰক্ষা সমিতীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত এখন বৈঠক অনুষ্ঠিত কৰিছিল।

সোনোৱালে আশ্বাস দিছিল যে এক সপ্তাহৰ ভিতৰত সকলো পিডব্লিউডিৰ পদ পূৰণ কৰিব ।কিন্তু এতিয়ালৈকে সেয়া বাস্তৱত পৰিণত ন’হল ৷২১ খন জিলাত মাধ্যমিক শিক্ষা বিভাগৰ আধাৰত ৫৩৪ টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ পিডব্লিউডিৰ কাৰণে আসন সংৰক্ষিত কৰিব লাগে ৷ গতিকে আমি দাবী কৰিছোঁ যে এক সপ্তাহৰ ভিতৰত বাকী ৫১৪ টা পদৰ পূৰণ কৰিব লাগে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com