Begin typing your search above and press return to search.

অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰক প্ৰশংসা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ

অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰক প্ৰশংসা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Aug 2019 6:16 AM GMT

অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰক প্ৰশংসা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ৷ জম্মু কাশ্মীৰৰ পৰা অনুচ্চেদ ৩৭০ক প্ৰত্যাহাৰ কৰা ক্ষেত্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ সিদ্ধান্তক বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰশংসা কৰে ।জম্মু কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ খিতাপ প্ৰত্যাহাৰ কৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰে ৰামনাথ কোবিন্দে ৷ কোবিন্দে কয় যে মোৰ বিশ্বাস যে জম্মু কাশ্মীক আৰু লাডাখক লৈ কৰা সিদ্ধান্তই সেই ক্ষেত্ৰৰ নাগৰিকসকলৰ কাৰণে লাভজনক হ’ব ৷

লগতে ৰামনাথ কোৱিন্দে কয় যে স্বাধীন দেশৰ ৰূপত ৭৩ বছৰৰ আমাৰ এই পৰিক্ৰমাই আজি এই বিশেষ স্থিতিত প্ৰবেশ কৰিছে ৷২ অক্টোবৰত আমি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী পালন কৰিব ৷মহাত্মা গান্ধী আছিল আমাৰ সমাজৰ সকলো প্ৰকাৰৰ অন্যায়ৰ পৰা মুক্ত কৰাৰ প্ৰয়াসত পথ প্ৰদৰ্শক ৷ গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সংসদ আৰু বিধানসভাসমূহত আদৰ্শ কৰ্মসংস্কৃতিৰ উদাহৰণ প্ৰস্তুত কৰাটো আৱশ্যক ৷ আমি একত্ৰিত হৈ আগবঢ়াৰ ভাৱনাতেই আমি স্বাধীনতা লাভ কৰিছিলো ৷

ভোটদাতা আৰু জনপ্ৰতিনিধিসকলৰ মাজত নাগৰিক আৰু চৰকাৰৰ মাজত তথা সাধাৰণ সমাজ আৰু প্ৰশাসনৰ মাজত আদৰ্শ সহযোগিতাৰ দ্বাৰা ৰাষ্ট্ৰ নিৰ্মাণৰ এই অভিযান শক্তিশালী হ’ব ৷১৩০ কোটি ভাৰতবাসীয়ে নিজৰ কৌশল,প্ৰতিভা,উদ্যম তথা উদ্ভাৱনাৰ জৰিয়তে বৃহৎ পৰিসৰত বিকাশৰ অধিক অৱকাশৰ সৃষ্টি কৰিব পাৰে ৷চৰকাৰে জনতাৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে তেওঁলোকৰ সহায়ৰ বাবে উন্নত বুনিয়াদী সুবিধা আৰু সামৰ্থ্য তেওঁলোকৰ প্ৰদান কৰিছে ৷দৰিদ্ৰৰ কাৰণে গৃহ নিৰ্মাণ কৰি আৰু প্ৰত্যেকখন ঘৰলৈ বিদ্যুতৰ সুবিধা প্ৰদান কৰি,শৌচালয় তথা পানীৰ সুবিধা প্ৰদান কৰি চৰকাৰে বুনিয়াদী গাঁথনি শক্তিশালী কৰিছে ৷

লগতে যোগাযোগৰ সুবিধা বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ কাৰণে গাঁৱসমূহক পথৰ সৈতে সংলগ্ন কৰা হৈছে আৰু উন্নত ৰাজপথ নিৰ্মাণ কৰা হৈছে। সৰু সৰু চহৰ সমূহক বিমানসেৱাৰ সুবিধাৰে সংলগ্ন কৰা হৈছে ৷ ইফালে নতুন প্ৰজন্মক উদ্দেশ্য কৰি ৰামনাথ কোৱিন্দে কয় যে ভাৰত তৰুণৰ দেশ। আমাৰ সমাজৰ স্বৰূপ নিৰ্ধাৰণ কৰাত তৰুণসকলৰ অংশীদাৰিত্ব নিৰন্তৰে বৃদ্ধি হ’বলৈ ধৰিছে। আমাৰ তৰণ প্ৰজন্ম বিভিন্ন দিশত আগবাঢ়ি গৈছে। আমি ভাৰতীয় জনতাৰ নিজৰ জ্ঞান আৰু বিজ্ঞানৰ বলত চন্দ্ৰ আৰু মঙলত উপস্থিত হোৱাৰ ক্ষমতা আছে বুলি নিজৰ ব্যক্তব্য প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ।

অন্য খবৰৰ বাবে পঢ়ক :প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়কঃৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ হস্তক্ষেপ বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Chief Minister Sarbananda Sonowal hoisted the National Flag at Khanapara Veterinary Field

Next Story
চাকৰি