কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে পুনৰ কংগ্ৰেছৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰে ৷ লগতে ভাৰতৰ ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ওপৰত আলোচনা কৰিবলৈ তথা বিৰোধীক সমৰ্থন কৰিবলৈ আহ্বান কৰে মোডীয়ে ৷ৰাজ্যসভাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দিয়া ভাষনৰ পিছত ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে আমি জানো যে আমাৰ লগত ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠতা নাই যদিও লোকসভাৰ সিদ্ধান্তক ৰাজ্যসভাত লোকসকলৰ সিদ্ধান্তৰ ৰূপত সন্মান দিব লাগে৷

লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সংখ্যাগৰিষ্ঠতা, শাসন কৰিবৰ কাৰণে আছিল ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক ৫ ত্ৰিলিয়ন অৰ্থনৈতিক ব্যৱস্থাৰ আৱশ্যক হৈ পৰিছে ৷ আমাৰ দেশ সুচাৰুপে পৰিচালনা কৰাৰ আৱশ্যকতা হৈছে ৷ লগতে দেশবাসীক উদ্দেশ্য কৰি কয় যে আমাক আপোনালোকৰ সমৰ্থনৰ আৱশ্যকতা আছে ৷

নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এটি প্ৰচাৰ কৰা হৈছিল যে যদি নিৰ্বাচনত পৰাজয় বৰণ কৰে তেন্তে দেশ বহু লোকচানৰ সন্মুখীন হ’ব৷ কৃষকসকলক চৰকাৰী আঁচনিৰ কাৰণে মাত্ৰ ২০০০ টকা দিয়া হৈছে ৷ মোডীয়ে লগতে কয় যে পৰাজয় গ্লানি সহ্য কৰিব নোৱাৰি দেশৰ লোকক কংগ্ৰেছে অপমান কৰিছে ৷কংগ্ৰেছৰ মতে বিজেপিৰ জয় মানে গণতন্ত্ৰ পৰাজয় ৷ কংগ্ৰেছৰ জয়লাভে দেশৰ বিজয় মুকুট নেকি বুলি প্ৰশ্ন কৰে।

গণতন্ত্ৰৰ ওপৰত আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত অনাস্থা প্ৰদৰ্শন কৰি কংগ্ৰেছে সমগ্ৰ দেশৰ নাগৰিকক অপমান কৰিছে ৷ ইফালে ইভিএমৰ ওপৰত উঠা প্ৰশ্নৰ সম্পৰ্কত কয় যে ইভীএমৰ দ্বাৰা বহু নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল ৷বিভিন্ন দলে বিভিন্ন ৰাজ্যত ইভিএমৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰি চৰকাৰ গঠন কৰিলে ৷কিন্তু আজি ইভিএমৰ ওপৰত প্ৰশ্ন কিয়? ইভিএমৰ ওপৰত প্ৰশ্ন কৰা সকল কেৱল ইভিএমৰ বিৰোধীয়েই নহয় ।বৰঞ্চ উদ্যোগিক,ডিজিটেল,আধাৰ, জিএচটি আৰু ভীম এপৰো সমস্যা আছে ৷

গতিকে এনেধৰণৰ নেতিবাচক চিন্তাৰ কাৰণে কিছুসংখ্যক দলে জনসাধাৰণৰ পৰা বিশ্বাস লাভ কৰিব নোৱাৰে ৷ ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভোট বেংকৰ ৰাজনীতি কৰাৰ বাবে বিজেপিয়ে অসমত ৰাজনীতি এনআৰচি উন্নীত কৰা নাই ৷ দেশৰ সুৰক্ষা,অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণেহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰিছে ৷ লক্ষ্যনীয় কথাটো হ’ল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ পৰা আজি অতিৰিক্ত ১.০২ লাখ লোকৰ নাম কৰ্তন যোৱাৰ দিনা মোডীয়ে ৰাজ্যসভাৰ মজিয়াত দিনা ভাষণ যথেষ্ট তাৎপৰ্য্যপূৰ্ণ ৰূপে বিবেচিত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com