Begin typing your search above and press return to search.

কথা ৰাখিলে মোদীয়ে! ছ’ছিয়েল মিডিয়াৰ সকলো একাউণ্টৰ নিয়ন্ত্ৰণৰ দায়িত্ব হস্তান্তৰ

কথা ৰাখিলে মোদীয়ে! ছ’ছিয়েল মিডিয়াৰ সকলো একাউণ্টৰ নিয়ন্ত্ৰণৰ দায়িত্ব হস্তান্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2020 9:32 AM GMT

কথা ৰাখিলে মোদীয়ে! ছ’ছিয়েল মিডিয়াৰ সকলো একাউণ্টৰ নিয়ন্ত্ৰণৰ দায়িত্ব হস্তান্তৰ

কথা ৰাখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! ছ’চিয়েল মিডিয়াত থকা তেওঁৰ সকলো একাউণ্টৰ দায়িত্ব একাংশ অনুপ্ৰেৰণাদায়ক মহিলালৈ হস্তান্তৰ কৰিলে। পূৰ্বে কৰা ঘোষণা অনুসৰি দেওবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহৰ নিয়ন্ত্ৰণ তথা পৰিচালনাৰ দায়িত্ব এনে সাতগৰাকী মহিলালৈ হস্তান্তৰ কৰে। সেই অনুসৰি তেওঁৰ বিভিন্ন ছ’চিয়েল মিডিয়া একাউণ্ট যেনে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ নিয়ন্ত্ৰণৰ দায়িত্বত লাভ কৰে এই সাতগৰাকী মহিলাই। মোদীয়ে এই মহিলাসকলক প্ৰথম পুৰুষত আপডেট দিবলৈ অনুৰোধ জনায়। সেই অনুসৰি দেওবাৰে মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জড়িয়তে তথ্য সম্প্ৰচাৰ কৰে মালৱিকা আয়াৰে। আয়াৰ হৈছে বোমা বিস্ফোৰণৰ ভুক্তভোগী। এটা বিস্ফোৰণত কথমপিহে তেওঁৰ প্ৰাণৰক্ষা পৰিছিল। মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জড়িয়তে তেওঁ কৰা ভিডিঅ’ সম্প্ৰচাৰে লাখ লাখ লোকৰ দৃষ্টি আকৰ্ষণ কৰে। কালিলৈকে তেওঁৰ এই ভিডিঅ’ তিনি লক্ষাধিক লোকে দৰ্শন কৰে। উল্লেখ্য যে ফটো আৰু ভিডিঅ’ শ্বেয়াৰৰ সুবিধাযুক্ত ইনষ্টাগ্ৰামত মোদীৰ ৩৫.৫ নিযুত ফ’ল’ৱাৰ আছে। একেদৰে ইউটিউবত তেওঁৰ ৪০লক্ষাধিক ছাবস্ক্ৰাইবাৰ আছে।

মোদীৰ ইউটিউব একাউন্ট নিয়ন্ত্ৰণ তথা পৰিচালনাৰ দায়িত্ব লাভ কৰা কল্পনা ৰমেশ নামৰ মহিলাগৰাকীয়ে দেওবাৰে তেওঁৰ ভিডিঅ’ শ্বেয়াৰ কৰে। ৫০ মিনিটত তেওঁৰ এই ভিডিঅ’ত ১,৮২০টা দৰ্শন পোৱা যায়। ৰমেশ হৈছে নগৰীয়া অঞ্চলত জল সংৰক্ষণৰ বাবে কাম কৰি থকা এগৰাকী সমাজকৰ্মী। আনহাতে, মোদীৰ ফে’চবুক একাউণ্ট নিয়ন্ত্ৰণৰ দায়িত্ব লাভ কৰে স্নেহা মোহনদাস নামৰ এগৰাকী মহিলাই। এটা ‘ফুড বেংক’ (খাদ্য ভাণ্ডাৰ) চলোৱা মোহনদাসে তেওঁৰ ভিডিঅ’ মোদীৰ ফে’চবুক একাউণ্টৰ জড়িয়তে প্ৰচাৰ কৰে। তেওঁৰ ভিডিঅ’ই তুলনামূলকভাবে অধিক জনপ্ৰিয়তা অৰ্জন কৰে। তুলনামূলকভাবে অধিক জনপ্ৰিয় এই ছ’চিয়েল মিডিয়াত মহিলাগৰাকীৰ ভিডিঅ’ মাথোঁ ৪০ মিনিটতে ৪৬৪জনে শ্বেয়াৰ কৰে আৰু ৬৭হেজাৰে দৰ্শন কৰে। উল্লেখ্য যে মোদীৰ ফে’চবুক পেজত ৪.৪৭কোটি লাইক আছে।

দেওবাৰে মোহনদাসে তেওঁৰ জীৱন আৰু কৰ্মক সামৰি মোদীৰ ফে’চবুক একাউণ্টত ভিডিঅ’ আপলোড কৰে।ইয়াৰ পূৰ্বে দেওবাৰে মোদীয়ে ছ’চিয়েল মিডিয়া একাউণ্টসমূহৰ নিয়ন্ত্ৰণ তথা পৰিচালনাৰ দায়িত্ব দেশৰ সাতগৰাকী কৃতী মহিলালৈ হস্তান্তৰ কৰে। ইয়াৰ প্ৰাক-মূহূৰ্তত তেওঁ সকলো মহিলালৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই কয়, ‘মই আমাৰ নাৰী শক্তিৰ স্পৃহা-উদ্যম আৰু কৃতিত্বক অভিবাদন জনাইছো। কিছুদিন পূৰ্বে মই কৈছিলো যে মই সকলো ছ’চিয়েল মিডিয়া ত্যাগ কৰিম। সেই অনুসৰি আজি মোৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহৰ নিয়ন্ত্ৰণৰ দায়িত্ব নিজৰ কৰ্ম আৰু জীৱনেৰে আমাক অনুপ্ৰাণিত কৰা সাতগৰাকী মহিলালৈ হস্তান্তৰ কৰিলো’।

অন্য খবৰৰ বাবে পঢ়কঃ ক’ৰ’না ভাইৰাছ : কেৰালাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ল তিনি বছৰীয়া শিশু

ভিডিঅ প্ৰতক্ষ্য কৰকঃ Doul Govinda Temple agog as Holi begins

Next Story
চাকৰি