ছেপ্তেম্বৰত ৰাছিয়ালৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী:অংশগ্ৰহণ কৰিব ইষ্টাৰ্ণ ইক’ন’মিক ফ’ৰামত

ছেপ্তেম্বৰত ৰাছিয়ালৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী:অংশগ্ৰহণ কৰিব ইষ্টাৰ্ণ ইক’ন’মিক ফ’ৰামত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছেপ্তেম্বৰৰ আৰম্ভনিতে ইষ্টাৰ্ণ ইক’ন’মিক ফ’ৰামৰ বৈঠকত মুখ্য অতিথি ৰুপে উপস্থিত থাকিব ৷ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে ভাৰত ৰুছ দ্বি পাক্ষিক শিখৰ সন্মিলনত বিভিন্ন বিষয় চৰ্চা কৰিব ৷ প্ৰধানমোডীয়ে বৃহস্পতিবাৰে শিখৰ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি পুতিনৰ লগত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে আৰু দুয়োজন নেতাই কয় যে বিশ্বাসৰ ওপৰত আধাৰিত পুৰণি সম্পৰ্কক শক্তিশালী কৰাটো প্ৰয়োজনীয় ।

ইফালে সাংবাদিকৰ লগত হোৱা মত বিনিময়ত বিদেশ সচিব বিজয় গোখলেই কয় যে দুয়োজন নেতাৰ সাক্ষাতে অদূৰ ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ লগতে কয় যে দুয়োটা পক্ষৰ মাজত বৰ্তি থকা বিশ্বাসে এটা পুৰণি সম্বন্ধক শক্তিশালী কৰিব ৷ গতিকে এই সম্পৰ্কক অনাগত দিনৰ কাৰণে শক্তিশালী ৰূপত বৰ্তাই ৰাখিবৰ কাৰণে আৰু বিকশিত কৰিবৰ কাৰণে প্ৰয়োজনীয়া ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ৰাষ্ট্ৰপতি পুতিনে ইষ্টটাৰ্ন ইক’ন’মিক ফ’ৰামত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰিছে ৷আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুতিনৰ এই নিমন্ত্ৰণক সাদৰেৰে গ্ৰহণ কৰিছে ৷ আৰু এই যাত্ৰা হ’ব দ্বি পাক্ষিক৷ এই মন্তব্য বিজয় গোখলেৰ ৷

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই যাত্ৰাক দুয়োটা পক্ষৰে সহযোগত এটা নতুন পদক্ষেপ ল’বলৈ আগবাঢ়ি যোৱাৰ কথা অনুভৱ কৰাৰ কথা প্ৰকাশ কৰিছে ৷ মোডীয়ে পুতিনক কয় যে ভাৰতে এই বৈঠকখনৰ কাৰণে এক নিৰ্ভৰযোগ্য প্ৰস্তুতি কৰিব ৷ বিজয় গোখলেই লগতে কয় যে ৰুছ তেল আৰু গেছৰ লগতে অন্যান্য খনিজ সম্পদত চহকী ৷ আমি ৰুছৰ লগত কাম কৰিব বিছাৰোঁ ৷কাৰণ,ৰুছ আমাৰ এক্ট ইষ্ট নীতিৰ সহযোগী।

ৰাষ্ট্ৰপতি পুতিনৰ সৈতে হোৱা আলোচনাত আমেথিত এ কে-২০৩ ৰাইফলৰ কাৰখানা খোলাৰ বাৰে পুতিনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । কিন্তু বৈঠকত কোনো আন্তঃৰাষ্ট্ৰীয় বা আঞ্চলিক বিষয়ক লৈ আলোচনা হোৱা নাছিল ৷ ইফালে দুয়োজন নেতাৰ এইখন বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অনুষ্ঠিত প্ৰথম বৈঠক হিছাপে পৰিগণিত হৈছে ৷

ইফালে বিগত সময়ত,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপল চিৰিসেনাক ১০ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ কাৰণে সাক্ষাৎ কৰে ৷ লগতে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত এক উমৈহতীয়া ভাবুকি বুলি উভয় পক্ষই সহমত পোষণ কৰে ৷ ইফালে দুয়োগৰাকী নেতাই বিগত সপ্তাহত মোডীৰ শপত গ্ৰহণত মিলিত হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২১ এপ্ৰিলত ভয়ানক সন্ত্ৰাসবাদৰ আক্ৰমণৰ পিছত শ্ৰী লংকাত উপস্থিত হোৱা প্ৰথম বিদেশী নেতা ৷ উল্লেখ্য যে এই আক্ৰমণত ২৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল। গতিকে এনেধৰণে প্ৰধানমন্ত্ৰী মোডীৰ দেশ খনত উপস্থিত হোৱা কথাই দুয়োখন দেশৰ মাজত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক স্থাপন কৰাত সহায় কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com