প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পথ মেৰামতিৰ নিৰ্দেশ দিছপুৰক

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পথ মেৰামতিৰ নিৰ্দেশ দিছপুৰক

দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটি পথক প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দিছপুৰক মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দিয়া নিৰ্দেশৰ পিছতেই বুধবাৰৰ পৰা পথটোৰ কাম আৰম্ভ কৰে ৷ সোনাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখীতাৰী বৰপাক পথটোৰ যোগেৰে যাত্ৰীসকলে মালাইবাৰী ভাৰতীয় ষ্টেট বেংকলৈ যাব পাৰে ৷

মালাইবাৰীক ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা এখন ডিজিটেল গাঁও হিছাপে ঘোষণা কৰা হৈছে ৷ ইফালে, বিগত তিনি বছৰ ধৰি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো পথৰ দুৰৱস্থা অত্যন্ত শোচনীয় ৷ বিদ্যালয় আৰু অফিছলৈ যোৱা কৰ্মচাৰীসকলে বাৰিষাকালত কৰ্মস্থলীলৈ যাওঁতে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয় ৷

অন্যহাতে পথটোৰ দুৰৱস্থা সন্দৰ্ভে কমল কৃষ্ণ ডেকা নামৰ স্থানীয় এজন যুৱকে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখে ৷ ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে চলিত বৰ্ষৰ ৩ জুনত পিএমঅ’ পিজি/ই/২০১৯/০২৬৬০৭২ ৰ মাধ্যমেৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com