মাৰ্চ মাহৰ ৫০ শতাংশ মাচুলহে ল’ব পাৰিব ব্যক্তিগত স্কুলেঃ শিক্ষামন্ত্ৰী শৰ্মাৰ নিৰ্দেশ

ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত দেশজুৰি তলাবন্ধ ঘোষিত হোৱাত প্ৰায় সকলো সেৱা, উত্পাদনী কাম-কাজ প্ৰায় এমাহ বন্ধ আছে। গতিকে বহুজনৰ আয় অৰ্জনত ব্যাঘাত জন্মিছে। সেয়েহে অসম চৰকাৰে চলিত বৰ্ষৰ মাৰ্চত ছাত্ৰ-ছাত্ৰীৰ মাচুল ৫০ শতাংশহে সংগ্ৰহ কৰিবলৈ ৰাজ্যৰ বিদ্যালয়সমূহলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আজি ইয়াত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ আমি বিদ্যালয়সমূহক মাৰ্চৰ মাহৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল ৫০ শতাংশকৈ লবলৈ নিৰ্দেশ জাৰি কৰিছো। ইতিমধ্যে যিসমূহ বিদ্যালয়ে মাচুল সংগ্ৰহ কৰিলে, সেইসমূহক মে মাহত চামিল (এডজাষ্ট) কৰিবলৈ নিৰ্দেশ দিছো। এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হব”। মন্ত্ৰী শৰ্মাই লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে ৰাজ্যৰ কোনো ব্যক্তিগত বিদ্যালয়েই শিক্ষকৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব। একেদৰে চৰকাৰৰ আগতীয়া অনুমতি অবিহনে কোনো ব্যক্তিগত বিদ্য়ালয়ে ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰিব নোৱাৰিব।
অন্য খবৰৰ বাবে পঢ়ক: ১৫মে’ৰ পাছত ৰাজ্যত পুনৰ বিদ্যালয়ত পাঠদানৰ সম্ভাৱনা
ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown