প্ৰিয়ংকা চোপ্ৰাই আকৌ উজ্বলালে দেশৰ নাম , ইউ এন আই চি ই এফে কৰিলে সন্মানিত

প্ৰিয়ংকা চোপ্ৰাই আকৌ উজ্বলালে দেশৰ নাম , ইউ এন আই চি ই এফে কৰিলে সন্মানিত

প্ৰিয়ংকা চোপ্ৰাই আকৌ উজ্বলালে দেশৰ নাম , ইউ এন আই চি ই এফে কৰিলে সন্মানিত। বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। বলিউডৰ লগতে প্ৰিয়ংকা চোপ্ৰাই হলিউডৰ জগততো কাম কৰিছে । বহু সময়ত প্ৰিয়ংকা চোপ্ৰাক সামাজিক কাম কাজত জড়িত হৈ থকা দেখা যায়।

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক ইউ এন আই চি ই এফে ( UNICEF) "ডেনী কায়ে মানৱতাবাদী পুৰষ্কাৰ"সন্মানিত কৰে । এই বৰ্ষত বিজেতাৰ ৰূপত ভাৰতৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ নাম ঘোষনা কৰিছে ইউ এন আই চি ই এফে । অভিনেত্ৰী গৰাকীয়ে মঙ্গলবাৰে এই পুৰস্কাৰ গ্ৰহন কৰে ।

https://twitter.com/UNICEFUSA/status/1138454599755608064

পুৰষ্কাৰ গ্ৰহন কৰাৰ সময়ত প্ৰিয়ংকা চোপ্ৰাই কয় যে সমাজ সেৱা এতিয়া জীৱনৰ বিকল্প নহয় । ই জীৱনৰ এক মাধ্যম হৈ পৰা বুলি কয় অভিনেত্ৰী গৰাকীয়ে। এই পুৰস্কাৰটো আমেৰিকাৰ অভিনেতা আৰু সমাজসেৱক ডেনি কায়ৰ ওপৰত ৰখা হৈছে ।‌

https://www.instagram.com/tv/B5qv08JnyUC/?utm_source=ig_web_copy_link

অভিনেত্ৰী গৰাকীয়ে অনুষ্ঠানটোৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে ।

ফেচন ডিজাইনৰ ডায়নে ভন ফুৰস্তনবৰ্গে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক এই পুৰস্কাৰ প্ৰদান কৰে । প্ৰিয়ংকা চোপ্ৰাই ডায়নেৰ লগতো নিজৰ ফটো শ্বেয়াৰ কৰে আৰু ধন্যবাদ জ্ঞাপন কৰে।

এই অনুষ্ঠানটোত প্ৰিয়ংকা চোপ্ৰাই কয় যে তেওঁ তেতিয়া অভিনেত্ৰী হৈছিল যেতিয়া তেওঁ অনুভৱ কৰিছিল যে সমাজ সেৱা কৰাৰ বাবে এখন মঞ্চ লাভ কৰিছে। তাৰ পিছতেই তেওঁ অভিনয় জগতৰ লগত নিজক সংযোজন কৰিছিল আৰু অভিনয়ক তেওঁ বহুত গুৰুত্ব দিছিল । লাহে লাহে তেওঁ শিশুৰ বাবে কাম কৰিব আৰম্ভ কৰিছিল আৰু তাৰ পিছতেই ইউ এন আই চি ই এফৰ লগত কাম কৰিব আৰম্ভ কৰিছিল। লগতে কয় যে এই বিষয়ে তেওঁ অধিক অধ্যয়ন কৰে । কিছু বছৰ পিছততেই প্ৰিয়ংকা চোপ্ৰা ভাৰতৰ ৰাষ্ট্ৰ দূত হিচাপে নিয়োগ হয় আৰু পিছত ইউ এন আই চি এফৰ আন্তঃৰাষ্ট্ৰীয় দূত হিচাপে নিয়োজিত হয়। এই যাত্ৰা ১৩ বছৰৰ বুলি কয় অভিনেত্ৰী গৰাকীয়ে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Ganja worth 10 kg seized at Lumding Railway Station, One Apprehended

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com