Begin typing your search above and press return to search.

 জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি, ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ

 জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি, ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2019 7:14 AM GMT

জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি, ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচালনা আৰক্ষীৰ। উত্তপ্ত পৰিস্থিতিত গুৱাহাটী মহানগৰী। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে জনসাধৰণ জাগি উঠিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি । দল সংগঠনৰ উপৰিও ছাত্ৰ সমাজো জাগি উঠিছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহে কটন কলেজ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল ।

প্ৰতিবাদকাৰী দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কটন কলেজৰ পৰা দিছপুৰ অভিমুখে ৰাওনা হয়। তাৰ পিছতেই আৰক্ষীয়ে ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰে লাঠিচালনা। মহানগৰীৰ এ বি চিত প্ৰতিবাদ কাৰী সমদলক বেৰিকেড দি আৰক্ষীয়ে বাধা প্ৰদান কৰিব বিচাৰিছিল। বেৰিকেড ভাঙি ওলাই আহিব খোজা ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত লাঠি চালনা কৰে আৰক্ষীয়ে । আৰক্ষীৰ লাঠীচালনাত আহত হয় কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী । উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীলৈ কন্দুৱা গেছো নিক্ষেপ কৰে আৰক্ষীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ওৰে নিশা প্ৰতিবাদ গুৱাহাটী বিশ্ববিদ্যালয়ত, কেবৰ বিৰুদ্ধে মাজনিশালৈ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি