Begin typing your search above and press return to search.

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2019 11:43 AM GMT

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক যৌন নিৰ্যাতনৰ অভিযোগৰ গোচৰত উচ্চতম ন্যায়ালয়ে দোষমুক্ত বুলি ঘোষণা কৰাৰ এদিনৰ পাছত ন্যায়ালয়ৰ সন্মুখত অধিবক্তা আৰু মহিলা কৰ্মচাৰীয়ে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ১৪৪ ধাৰা জাৰি কৰা হৈছে ।

প্ৰতিবাদস্থলীত পৰিষ্ঠিতি অধিক বেয়া হৈ পৰে। আনকি সাংবাদিককো আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে ৩০ গৰাকী মহিলা কৰ্মীক আটক কৰে। বৰ্তমান সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক মুকলি কৰি দিছে।

উচ্চতম ন্যায়ালয়ৰ চৌহদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । তিনি জনীয়া বিচাৰপীঠে সোমবাৰে ৰঞ্জন গগৈক ক্লিন শ্বিট প্ৰদান কৰাৰ পাছত আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে উচ্চ ন্যায়ালয়ৰ সন্মুখত ।

নেচনেল ফেডাৰেশ্যনৰ সাধাৰণ সভাপতি এনি ৰাজায়ে প্ৰকাশ কৰে যে তিনি জনীয়া বিচাৰপীঠে কি প্ৰক্ৰিয়াৰে বিচাৰ চলাই চি জি আই ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা কৰে বুলি প্ৰশ্ন কৰে । লগতে তেও কয় যে ৰঞ্জন গগৈৰ বিৰুদ্ধে তৰা যৌন নিৰ্যাতনৰ গোচৰত নিৰপেক্ষ বিচাৰ হব লাগে ।

উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মহিলা কৰ্মচাৰী এগৰাকীয়ে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । এই অভিযোগত তিনি জনীয়া বিচাৰপীঠে সোমবাৰে ৰঞ্জন গগৈক দোষমুক্ত বুলি ঘোষণা কৰে।

ন্যায়াধীশ এচ এ ব'বডে নেতৃত্বত ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু ন্যায়াধীশ ইণ্ডু মালহোট্ৰায়ে এই ৰায় দিয়ে ।কোৰ্টে এই ৰায় প্ৰকাশ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰী গৰাকীয়ে তৰা গোচৰৰ ভিত্তিত ন্যায়ালয়ে কোনো ধৰণৰ প্ৰমান নাপালে ।

মহিলা গৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁ তিনি জনীয়া বিচাৰপীঠৰ সন্মুখত যথেষ্ট ভয় অনুভৱ কৰাৰ লগতে অস্বস্তি অনুভৱ কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি