Begin typing your search above and press return to search.

জৈৱ বৈচিত্ৰলৈ ভাবুকি:দ্বীপৰ বিলত দ্বৈত ৰেলৱে নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ

জৈৱ বৈচিত্ৰলৈ ভাবুকি:দ্বীপৰ বিলত দ্বৈত ৰেলৱে নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 8:47 AM GMT

অভয়াৰণ্য সংৰক্ষণৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু দ্বিপৰ বিল পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে । দ্বীপৰ বিলৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে । দ্বৈত ৰেলৱে দ্বীপৰ বিলৰ অঞ্চলত নিৰ্মাণ কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰেলৱে নিৰ্মাণ কাৰ্য বন্ধ নকৰাৰ বাবে মংগলবাৰে মিকিৰপাৰা চাক্ৰদৌ উন্নয়ন সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

মিকিৰপাৰা চক্ৰদৌ উন্নয়ন সমাজৰ সভাপতি প্ৰমোদ কলিতাই প্ৰকাশ কৰে যে, " দ্বৈত ৰেলৱে নিৰ্মাণ কাৰ্য্যয়ে দ্বীপৰ বিলৰ জৈব বিচিত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে । বৰ্তমানলৈকে পূৰ্বতে ৰেলৱে লাইনত পৰি ১৪ টা বন্যহস্তীৰ মৃত্যু হৈছে । দ্বৈত ৰেলৱে নিৰ্মাণৰ কাৰ্য সমাপ্ত হোৱাৰ পাছত আৰু অধিক ৰেল অহা যোৱা কৰিব । তাৰ ফলত হাতীৰ লগতে অন্যান্য জীৱ-জন্তুৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হব । তাৰোপৰি অৰন্য অঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বন্যহস্তী ওলাই আহি ওচৰৰ গাঁওত সন্ত্ৰাসৰ সৃষ্টি কৰে । তাৰ পৰিপ্ৰেক্ষিততে হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে । তাৰ ফলতে ওচৰৰ গাঁও বাসী যথেষ্ট অসুবিধা সন্মুখীন হৈছে ।

ৰেলৱে নিৰ্মাণৰ বাবে দ্বীপৰ বিল আৰু ৰানী সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব । এই ৰেল পথ নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বহুতো দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। দ্বৈত ৰেল পথ নিৰ্মাণতো প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰমোদ কলিতাই লগতে কয় যে, যেতিয়ালৈকে দ্বৈত ৰেলৱে নিৰ্মাণৰ কাম কাজ বন্ধ কৰা নহয় , প্ৰতিবাদ অব্যাহত ৰাখিব । স্থানীয় লোকো ওলাই আহি ৰেল পথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শেহতিয়াকৈ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে প্ৰকাশ কৰা নিৰ্দেশনাত প্ৰকাশ কৰে যে বন বিভাগ আৰু ৰেল বিভাগৰ লগত, ৰেল বিভাগে দ্বীপৰ বিলত হস্তীৰ মুক্ত বিচৰণৰ অঞ্চলত ৰেল বিভাগৰ সুৰংগৰ নিৰ্মাণত কেনেদৰে ব্যয় হব সেই সম্পৰ্কে আলোচনা কৰা হৈছে ।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনাত ৰেল বিভাগে প্ৰকাশ কৰে যে দুটা মন্ত্ৰালয়ৰ অণ্ডাৰপাছৰ আঁচনিৰ অনুমোদন জনালে, আঁচনিখন বাস্তবায়িত কৰিবলৈ পৰিকল্পনা প্ৰনয়ন কৰা হব বুলি প্ৰকাশ কৰে ।

আচনিখনৰ ৰূপায়ণৰ পূৰ্বে ২০১৯ চনৰ ১৫ মাৰ্চৰ পৰায়ে ৰেল বিভাগে দৌৰাত্ম্য সময়ৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়ে। বন অঞ্চলত প্ৰতি ঘন্টাত ৩০ কিলমিটাৰ অতিক্ৰম কৰিব পাৰিব ৰেলে বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক :বহু সময়ৰ পিছত দ্বীপৰ বিলত আৱদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয়

Next Story
চাকৰি