ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণ: জনতা কাৰ্ফিউ নহয়, কাৰ্ফিউ ঘোষণা পঞ্জাৱত

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণ: জনতা কাৰ্ফিউ নহয়, কাৰ্ফিউ ঘোষণা পঞ্জাৱত

ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণ: জনতা কাৰ্ফিউ নহয়, কাৰ্ফিউ ঘোষণা পঞ্জাৱত

মহামাৰী সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ তথা ইয়াৰ শৃংখল ধ্বংসৰ উদ্দেশ্য কঠোৰ নিৰ্দেশ জাৰি কৰিছে পঞ্জাৱৰ অমৰিন্দৰ সিং চৰকাৰে ৷ চৰকাৰখনে ৰাজ্যখনত পূৰ্ণ পৰ্যায়ৰ কঠোৰ সান্ধ্য আইন তথা কাৰ্ফিউ বলবত কৰিছে ৷ ৰাজ্যখনত এই কাৰ্ফিউ অহা ৩১মাৰ্চলৈকে বাহাল থাকিব ৷ ইয়াৰ পৰা কোনো লোককে ৰেহাই দিয়া নহয় বুলি মুখ্যমন্ত্ৰী সিঙে টুইটাৰত প্ৰকাশ কৰিছে ৷ সেই অনুসৰি সকলো জিলাৰ উপায়ুক্তসকলক আইনগত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে ৷ দেওবাৰে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে পৰিস্থিতি পুনৰীক্ষণ বৈঠকত সিং মিলিত হয় ৷ এই বৈঠকৰ পাছতে তেওঁ কাৰ্ফিউৰ নিৰ্দেশ জাৰি কৰে ৷ উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰা চতুৰ্থজন লোক হৈছে পঞ্জাৱৰ ৷ ৭০বছৰীয়া এই লোকজন অলপতে মৃত্যুমুখত পৰে ৷ তদুপৰি ৰাজ্যখনৰ আন কে’বাজনো লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই মহামাৰী নাশৰ উদ্দেশ্যে এনে কঠোৰ কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে আহ্বান জনোৱা জনতা কাৰ্ফিউ বহু লোকে ৰাজহুৱা স্থানত উৎসৱৰ লেখীয়াকৈ পালন কৰে ৷ এনেবোৰ দিশেও পঞ্জাব চৰকাৰক এই কাৰ্য-ব্যৱস্থা ল’বলৈ বাধ্য কৰিছে ৷ লক্ষ্যণীয় যে ইতিমধ্যে দেশৰ কে’বাখনো ৰাজ্যই অহা ৩১মাৰ্চলৈকে সৰ্ব-বন্ধ বা ল’ক-ডাউন ঘোষণা কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Sale of vitamins and other nutritional products rise due to coronavirus scare

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com