Begin typing your search above and press return to search.

উচ্চতম ন্যায়ালয়ৰ ওচৰতহে ক্ষমা বিচাৰিছো, বিজেপিৰ ওচৰত নহয়: ৰাহুল গান্ধী

উচ্চতম ন্যায়ালয়ৰ ওচৰতহে ক্ষমা বিচাৰিছো, বিজেপিৰ ওচৰত নহয়: ৰাহুল গান্ধী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 May 2019 10:41 AM GMT

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি প্ৰকাশ কৰে যে " চকীদাৰ চুৰ হয় " বাক্য শাৰী সত্য আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে "চকীদাৰ চুৰ হয় ", এই শ্লোগান ব্যবহাৰ কৰি যাব ।

নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে তেওঁ যি ভূল কৰিছিল সেই বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰতহে ক্ষমা বিচাৰিছে । লগতে কয় যে গোচৰটোৰ সন্দৰ্ভত কোৰ্টত গোচৰ চলি আছে আৰু তেওঁ ন্যায়ালয়ক সাঙুৰি যি মন্তব্য কৰিছিল তাৰ বাবে ক্ষমা বিচাৰিছে । কিন্তু বিজেপি অথবা মোদীৰ ওচৰত ক্ষমা খুজা নাই আৰু ৰাহুল গান্ধীয়ে চকীদাৰ চুৰ হয় বুলি শ্লোগান ভৱিষ্যততো ব্যবহাৰ কৰিব বুলি প্ৰকাশ কৰে।

লগতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি নিবনুৱা সমস্যা, কৃষি সংকট আৰু মোদীয়ে ভাৰতীয় সেনাক অপমান কৰাৰ কথাও উল্লেখ কৰে ।

লগতে ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পৰাজয় হব। লোকসভা নিৰ্বাচনৰ আধা ভোট গ্ৰহণ ইতিমধ্যে সম্পুৰ্ণ হৈছে । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বিজেপিয়ে নিৰ্বাচনত পৰাজয় হব ।

মোদীৰ মুখত লোকসভা নিৰ্বাচনত পৰাজয় হোৱাৰ প্ৰতিছবি স্পষ্ট হৈ পৰিছে বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে । প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়া দুই কোটি চাকৰিৰ কথা দেশবাসীয়ে মোদীক সুধিছে কিন্তু মোদীয়ে কোনো উত্তৰ দিব পৰা নাই বুলি প্ৰকাশ কৰে ।

ৰাহুল গান্ধীয়ে লগতে কয় যে কংগ্ৰেছে সেনাক লৈ কেতিয়াও ৰাজনীতি নকৰে আৰু সেনা বাহিনী কাৰো ব্যক্তিগত সম্পত্তি নহয় যে বিজেপিয়ে তেওঁলোকৰ শাসন কালত ৬ টাকৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে বুলি মোদীয়ে প্ৰকাশ কৰে বুলিও কটাক্ষ্য কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি