Begin typing your search above and press return to search.

উচ্চতম ন্যায়ালয়ৰ সন্মুখত কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনা

উচ্চতম ন্যায়ালয়ৰ সন্মুখত কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2019 7:58 AM GMT

কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীয়ে বুধবাৰে উচ্চতম ন্যায়ালয়ৰ চৰ্তবিহীন ক্ষমা প্ৰাৰ্থনাৰ এখন শপতনামা দাখিল কৰে। ভাষনত " চকীদাৰ চোৰ হেই" শ্লোগানৰ প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়ক সাঙুৰি মন্তব্য কৰা কাৰ্য্যৰ কাৰনে পুনৰ চৰ্তবিহীন ক্ষমা প্ৰাৰ্থনা বিচাৰে ।

ৰাফেল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতিক্ৰিয়াত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি " চকীদাৰ চোৰ হেই' শ্লোগানত উচ্চতম ন্যায়ালয়ক সাঙুৰি মন্তব্য কৰিছিল।

বুধবাৰে ৰাহুল গান্ধীয়ে তিনি পৃষ্ঠাজোৰা শপতনামাত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে সৰ্বোচ্চ ন্যায়ালয়ক সাঙুৰি মন্তব্য কৰাৰ কাৰণে চৰ্তবিহীন ক্ষমা প্ৰাৰ্থনা জনাই আদালত অৱমাননা গোচৰৰ নিষ্পত্তিৰ বাবে আবেদন জনায় ।

"চকীদাৰ চোৰ হে " শ্লোগানক অযথা উচ্চতম ন্যায়ালয়ক সাঙুৰাৰ অভিযোগ তুলি বিজেপি নেত্ৰী মিনাক্ষী লেখিয়ে আদালত অবমাননা গোচৰ তৰিছিল । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব ।

পূৰ্বতেও ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰি দুবাৰ শপতনামা দাখিল কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন খাৰিজ কৰিছিল ।

১০ এপ্ৰিলত ৰাহুল গান্ধীয়ে "চকীদাৰ চোৰ হেই" মন্তব্য উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰে বুলি মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত ।

২২ এপ্ৰিলত ৰাহুল গান্ধীয়ে শপতনামাত মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছিল । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত বিচাৰপীঠে স্পষ্টভাৱে ক্ষমা খোজক বা ফৌজদাৰি অবমাননাৰ সন্মুখীন হওক বুলি মন্তব্য কৰিছিল । তাৰ পাছত ৰাহুল গান্ধীৰ অধিবক্তা সুনীল ফাৰ্ণাণ্ডেজৰ যোগেদি বুধবাৰে তিনি পৃষ্ঠাজোৰা আন এখন অতিৰিক্ত শপতনামাৰে চৰ্তবিহীনভাৱে ক্ষমা প্ৰাৰ্থনা জনাই আদালত অৱমাননা গোচৰ নিষ্পত্তিৰ বাবে আবেদন জনায় ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি