Begin typing your search above and press return to search.

এয়াৰ হেল্পৰ সমীক্ষাত বিশ্বৰ ভিতৰত অষ্টম স্থানত আছে হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

এয়াৰ হেল্পৰ সমীক্ষাত বিশ্বৰ  ভিতৰত অষ্টম স্থানত আছে হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 12:21 PM GMT

এয়াৰ হেল্পৰ সমীক্ষাত প্ৰকাশ পাইছে যে বিমান যাত্ৰী সকলৰ বিভিন্ন সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত অষ্টম স্থানত আছে হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।

এয়াৰ হেল্পৰ সমীক্ষাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জেৰচেই হ'ব বিমানবন্দৰ সকলোতকৈ অনুন্নত বিমানবন্দৰ বুলি প্ৰকাশ কৰা হৈছে ।

এয়াৰ হেল্পৰ এটা সমীক্ষাত কুৱাটাৰ এয়াৰৱেজে উন্নত এয়াৰ লাইনৰ শীৰ্ষ স্থানত আছে , দ্বিতীয়তে আছে আমেৰিকান এয়াৰলাইন এৰোমেক্সিকো, এচ এ এচ স্কেনদিনাবিয়ান এয়াৰলাইন আৰু কুৱানটাচ শীৰ্ষ পাঁচটা স্থানত আছে।

এই সমীক্ষাটো তিনিটা সুবিধাৰ ভিত্তিত নিৰূপণ কৰা হৈছিল । প্ৰধানকৈ সময় , সেৱা আৰু খাদ্য আৰু বজাৰ কৰাৰ সুবিধাৰ ভিত্তিত নিৰূপণ কৰা হৈছে । ২০১৮ চনত ৪০ খন দেশৰ ৪০,০০০ যাত্ৰী আৰু নিজৰ ডাতাবেছৰ ওপৰত এই সমীক্ষাটো চলোৱা হৈছিল ।

শীৰ্ষ তালিকাত থকা আন বিমানবন্দৰ সমুহ হৈছে দহাৰ হামাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, হেনেদা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, টকীয় আৰু এথেঞ্চ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ২০১৫ চনৰ পৰা শীৰ্ষ স্থানত আছে ।

এয়াৰ হেল্পৰ সমীক্ষাৰ মতে ২০১৯ চনত শীৰ্ষ স্থানত থকা বিমানবন্দৰ সমুহ হৈছে হামাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, জাপানৰ টকীয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গ্ৰীছৰ এথেঞ্চ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ব্ৰাজিলৰ এফ'নচ' পেনা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পোলেণ্ডৰ জিদানস্ক লেচ ৱাচা বিমানবন্দৰ , ৰাছিয়াৰ চেৰেমেত্যাব আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, চিংগাপুৰৰ চাংগি বিমানবন্দৰ, ভাৰতৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ , স্পেইনৰ তেনেৰিফ নৰ্থ বিমানবন্দৰ আৰু ব্ৰাজিলৰ বিৰাকপচ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।

২০১৯ চনৰ অনুন্নত বিমানবন্দৰৰ ভিতৰত আছে লণ্ডন গাটওইক বিমানবন্দৰ , কানাডাৰ বিলী বিচপ টৰন্টো চিটি বিমানবন্দৰৰ লগতে আৰু বহুতো ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি