Begin typing your search above and press return to search.

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছিয়াচিন গ্লেচিয়াৰত উপস্থিত হৈ সৈনিক সকলক উৎসাহিত কৰে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে  ছিয়াচিন গ্লেচিয়াৰত উপস্থিত হৈ সৈনিক সকলক উৎসাহিত কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jun 2019 11:35 AM GMT

নতুন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ ছিয়াচিন গ্লেচিয়াৰত উপস্থিত হৈ সৈনিক সকলক উৎসাহিত কৰাৰ লগতে সৈনিক সকলক পৰিয়াল বৰ্গকো প্ৰসংসা কৰে ।

ছিয়াচিন গ্লেচিয়াৰ ১৮,০০০-২০,০০০ ফিট উচ্চতাত অবস্থিত আৰু ইয়াত উষ্ণতা মাইনাচ ৫০ ডিগ্ৰী চেলচিয়াছ । ছিয়াচিন গ্লেচিয়াৰত ২৪ ঘন্টায়ে ভাৰতীয় সেনা বাহিনীৰ নিৰিক্ষনত থাকে। ৩ জুনত নতুন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছিয়াচিন গ্লেচিয়াৰত উপস্থিত হৈ সৈনিক সকলক সাক্ষাৎ কৰাৰ লগতে সেই অঞ্চলত দায়িত্ব থকা সৈনিক সকলৰ কষ্ট অনুধাৱন কৰিব পাৰিছে বুলি প্ৰকাশ কৰে । প্ৰতিৰক্ষা মন্ত্ৰী আৰু সৈনিক সকলক মাজত বন্ধুত্ব সুলভ বৈঠকত মিলিত হয় ।

উল্লেখযোগ্য যে ছিয়াচিন ভ্ৰমণৰ পাছত ইয়াৰ কৰ্মৰত ৮,০০০ সৈনিক সকলৰ পৰিয়াল বৰ্গলৈ পত্ৰ প্ৰেৰণ কৰে ৰাজনাথ সিঙে । বিশ্বৰ সুউচ্চ যুদ্ধক্ষেত্ৰ আৰু কঠোৰ নিৰাপত্তা বেষ্টনী আৰু নিৰিক্ষনত থকা ইয়াত দায়িত্ব পালন কৰাটো কঠিন বুলিও পত্ৰত উল্লেখ কৰে ।

এগৰাকী বিষয়ায়ে প্ৰকাশ কৰে যে মন্ত্ৰী গৰাকীয়ে প্ৰত্যেক গৰাকী সৈনিকক সাক্ষাৎ কৰিব বিচাৰিছে আৰু তেওলোকৰ গুৰুত্ব বিষয়ে মেছেজ দিয়াৰ লগতে প্ৰকাশ কৰে যে ৰাজনাথ সিঙে প্ৰথম জন প্ৰতিৰক্ষা মন্ত্ৰী যিজনে পোনপটীয়াকৈ ছিয়াচিন গ্লেচিয়াৰ সৈনিক সকলৈ পত্ৰ প্ৰেৰণ কৰে ।

https://twitter.com/rajnathsingh/status/1135466644862464001

ছিয়াচিন ভ্ৰমনৰ সম্পৰ্কে তেওঁৰ অনুভৱ টুইটাৰযোগে প্ৰকাশ কৰে। ছিয়াচিন গ্লেচিয়াৰত কৰ্মৰত ১,১০০ জন সৈনিক শ্বহীদ হৈছিল বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ।

https://twitter.com/rajnathsingh/status/1135463940681478144

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি