ইছৰো ৰ সৈতে সম্পৰ্ক স্হাপন নোহোৱালৈকে উত্তৰ প্ৰদেশৰ যমুনা ব্ৰিজ ৰ পৰা নামি আহিবলৈ অমান্তি ৰজনীকান্ত

ইছৰো ৰ সৈতে সম্পৰ্ক স্হাপন নোহোৱালৈকে উত্তৰ প্ৰদেশৰ যমুনা ব্ৰিজ ৰ পৰা নামি আহিবলৈ অমান্তি ৰজনীকান্ত

ইছৰো ৰ সৈতে সম্পৰ্ক স্হাপন নোহোৱালৈকে উত্তৰ প্ৰদেশৰ যমুনা ব্ৰিজ ৰ নামি পৰা আহিবলৈ অমান্তি ৰজনীকান্ত । ১০ দিন মান আগত ইছৰোৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈছিল চন্দ্ৰযান ২ ( chandrayaan 2 ) ৰ বিক্ৰম লেণ্ডাৰ ( Vikram lander ) ৰ ।ইছৰো ( I S R O , Indian space research organisation ) য়ে এতিয়াও বিক্ৰম লেণ্ডাৰৰ বাবে সম্পৰ্ক স্হাপন কৰিবলৈ চেষ্টা চলাই আছে ।

আমি সকলোৱে ছুপাৰ ষ্টাৰ ৰজনীকান্ত ষ্টান্ট দেখিছো । আকৌ এবাৰ ষ্টান্ট কৰিবলৈ উত্তৰ প্ৰদেশৰ যমুনা নদীৰ দলঙৰ ওপৰত উঠিল ৰজনীকান্ত ।

কিন্তু আমি উল্লেখ কৰা ৰজনীকান্ত ছবি জগতৰ অন্যতম ছুপাৰষ্টাৰ ৰজনীকান্ত নহয় ।আমি উল্লেখ কৰা ৰজনীকান্ত জন হৈছে উত্তৰ প্ৰদেশৰ মান্দা থানাৰ অন্তৰ্গত প্ৰয়াগৰাজ অঞ্চলৰ নিৱাসী ৰজনীকান্ত । উত্তৰ প্ৰদেশৰ এই ৰজনীকান্ত নামৰ যুৱক জনে ১৬ চেপ্তেম্বৰ তাৰিখৰ নিশা যমুনা দলং ৰ ওপৰত উঠে আৰু এক হূলূস্হলীয়া পৰিবেশৰ সৃষ্টি কৰে ।

লগতে ৰজনীকান্ত নামৰ যুৱক জনে কয় যে যেতিয়া লৈ বিক্ৰম লেণ্ডাৰৰ সৈতে ইছৰো ৰ সম্পৰ্ক স্হাপন নহয় তেতিয়ালৈকে তেওঁ প্ৰাৰ্থনা কৰিব ইছৰোৰ সৈতে বিক্ৰম লেণ্ডাৰৰ সম্পৰ্ক ৰ বাবে । এই ঘটনাৰ ওপৰত কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।

সেই সময়তে দলংৰ ওপৰত উঠা দেখা পাই বহু লোক জমা হয় আৰু এক উত্তাল পৰিবেশৰ সৃষ্টি হয় । লগে লগে স্হানীয় লোক সকলে ঘটনাটোৰ ভিডিঅ' সংগ্ৰহ কৰে আৰু সমগ্ৰ ছোছিয়েল মিডিয়াত ভাইৰেল হয় ভিডিঅ' টো । কেইঘন্টামান যোৱাৰ পিছত ৰজনীকান্তে লোকসকললৈ এখন হাতে লিখা পত্ৰ প্ৰেৰণ কৰে । পত্ৰ খনত ৰজনীকান্তে লিখে যে ," যেতিয়লৈকে ইছৰোৰ সৈতে চন্দ্ৰযান ২ ৰ বিক্ৰম লেণ্ডাৰৰ সম্পৰ্ক স্হাপন নহয় তেতিয়ালৈকে মই চন্দ্ৰদেৱক প্ৰাৰ্থনা কৰিম " ।

ৰজনীকান্ত ৰ এয়া কাৰ্য প্ৰথম বাৰৰ বাবে নহয় । কিছুদিন পূৰ্বেও ৰজনীকান্তে সেই একেই কাৰ্য কৰিছিল । ৰজনীকান্তে কিছুদিন পূৰ্বে ও পৰিবেশ সংৰক্ষণৰ বাবেও যমুনা নদীৰ দলঙৰ ওপৰত উঠিছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Vishwakarma Puja at Pan Bazaar Police Reserve | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com