Begin typing your search above and press return to search.

ৰাশী বন্ধনৰ উপহাৰ: মহিলাৰ বাবে বিনামূলীয়া হব বাছসেৱা

ৰাশী বন্ধনৰ উপহাৰ: মহিলাৰ  বাবে বিনামূলীয়া হব বাছসেৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2019 11:57 AM GMT

সমাগত ৰাশী বন্ধন । ভাতৃ-ভগ্নীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ ৰাশী বন্ধন ৰ দিনা ভগ্নীয়ে ভাতৃক ৰাশী পিন্ধাই । ১৫ আগষ্টত সমগ্ৰ দেশজুৰি পালন কৰা হব ৰাশী বন্ধন।

ৰাশী বন্ধনৰ উপলক্ষ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মহিলা সকলৰ বাবে এক বিশেষ উপহাৰ ঘোষণা কৰিছে । ১৫ আগষ্টত ৰাজ্য খনত মহিলাৰ বাবে বিনামূলীয়া হব বাছসেৱা । সকলো ধৰণৰ ৰাজ্যিক নিগমৰ বাছ আৰু চিটি বাছত ৰাশী বন্ধনৰ দিনা মহিলাসকলে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব ।এই বিনামূলীয়া সেৱা ১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৫ আগষ্টৰ মাজনিশালৈ আগবঢ়োৱা হ’ব।

উত্তৰ প্ৰদেশৰ পৰিবহন মন্ত্ৰী স্বাতন্ত্ৰ সিঙে বিভাগটোক এই নিৰ্দেশনাৰ প্ৰস্তুতি চলাবলৈ কৈছে । উত্তৰ প্ৰদেশৰ পৰিবহন বিভাগে ১৩ আগষ্টৰ পৰা অধিক বাছৰ ব্যৱস্থা কৰিছে । ১৮ টা স্থানৰ বাবে অধিক বাছ সেৱাৰ ব্যবস্থা কৰিছে । দিল্লী মিৰাট, চাহাৰানপুৰ, আগ্ৰা, মুৰাদাবাদ , বাৰেইলি, লক্ষ্ণৌ , কানপুৰ , গৰাখপুৰ, প্ৰায়াগ্ৰাজ , বাৰানষী আদি গুৰুত্ব পুৰ্ণ চহৰ সমূহত এই ব্যবস্থা কৰা হৈছে ।এই সময়ছোৱাত পৰিবহন নিগমৰ বাছত মহিলাৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি নিৰাপত্তাৰক্ষী মোতায়েন কৰা সন্দৰ্ভতো জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ঘোষণা কৰে যে ৰাশী বন্ধন উপলক্ষ্যে ৰাজ্যখনত সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হ’ব মহিলাৰ যাতায়ত।

ৰাশী বন্ধনৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই উপহাৰকলৈ সকলো মহিলাই আদৰণি জনাইছে ।ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ বাবে ১৫ আগষ্টত সমগ্ৰ দেশতে পালন কৰা হ’ব ৰাশী বন্ধন।

অধিক খবৰৰ বাবে পঢ়ক:কংগ্ৰেছ-এ আই ইউ ডি এফৰ গোপন মিত্ৰতায়ে অসমৰ ৰাইজৰ নিৰাপত্তাৰ দিশত প্ৰশ্ন উত্থাপন কৰিব: যোগী আদিত্যনাথ

ভিডিঅ প্ৰতক্ষ্য কৰক: Two illegal saw mills seized in Kampur

Next Story
চাকৰি