Begin typing your search above and press return to search.

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে হাইলেণ্ডচ বিপদজনক হ’ব পাৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে হাইলেণ্ডচ বিপদজনক হ’ব পাৰে।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Aug 2019 8:32 AM GMT

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কৃত্ৰিম হাইলেণ্ডচ স্থাপন কৰাৰ প্ৰসংগত বন্যজীৱৰ বিশেষজ্ঞসকলৰ মন্তব্য যে ভৱিষ্যতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকিৰ সৃষ্টি কৰিব পাৰে। অসমৰ চৰকাৰে বানৰ তাণ্ডৱৰ পৰা বন্য জীসমূহক ৰক্ষা কৰাবলৈ লোৱা এই সিদ্ধান্তৰ সময়তে কাজিৰঙাৰ প্ৰতি অহা ভাবুকি বিশেষ লক্ষ্যনীয় হৈ পৰিছে ৷ উদ্যানখনৰ এগৰাকী বিষয়াৰ মতে হাইলেণ্ড নিৰ্মাণৰ পৰিস্থিতিয়ে কাজিৰঙাখনৰ পৰিবেশক উপেক্ষা কৰিছে ৷

বাৰিষাৰ সময়ত ওখ ঠাইৰ পৰা হোৱা গৰাখহনীয়াৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব পাৰে বন্যপ্ৰাণীসমূহ ৷ ইক’ল’জিষ্ট বিভূতি লহকৰৰ মন্তব্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাৰ্বি আংলং জিলাৰ অবিহনে সম্পূৰ্ণ নহয় ৷গতিকে এনে ধৰণৰ কাষৰীয়া জিলাৰ লগত ৰাষ্ট্ৰীয় উদ্যানৰ সমতা ৰক্ষা কৰিব লাগে ৷কেৱল বাৰিষা সময়তে নহয়,অন্যান্য সময়তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ কাৰ্বি আংলঙৰ পাহাৰত বিচৰণ কৰে ৷

উল্লেখ্য যে চলিত বৰ্ষত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙাৰ ভূমি সংকুচিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰে গড়ৰ বিচৰন ভূমিৰ এটা বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ।

সংৰক্ষণকাৰী আৰু বন্যপ্ৰানীৰ কৰ্মীয়ে প্ৰকাশ কৰে যে, যদি এতিয়া গৰাখহনীয়াৰ সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ কৰা নহয় , তেতিয়া এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব ।

লগতে প্ৰকাশ কৰে যে, ” অগৰাতলি ৰেঞ্জৰ পূব আৰু উত্তৰাংশলৈ গৰাখহনীয়ায়ে ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে । গঁড়ৰ আবাসস্থলীৰ ৩৫ বৰ্গ কিলোমিটাৰ বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ পানীয়ে খহাই নিয়ে । তাৰ বাবে অগৰাতলি ৰেঞ্জত গড়ৰ সংখ্যা হ্ৰাস পাইছে ।

দিল্লী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ গৱেষণা ছাত্ৰ ছাত্ৰী সকলৰ এক সমীক্ষাত প্ৰকাশ কৰে যে, অন্যান্য বন্যপ্ৰানীৰ সংখ্যা বৃদ্ধি পোৱাত ১৯৯০ চনৰ পৰা গড়ৰ আবাসস্থলী কমি আহিছে।

চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ আৰু পবিতৰাৰ প্ৰায় ৮৫ শতাংশ অঞ্চলত বানীৰ তলত আছিল চলিত বৰ্ষত ৷যাৰ কাৰণে সম্প্ৰতি বন্য প্ৰাণীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ সূত্ৰৰ মতে ২৪ জুলাইৰ পৰা প্ৰায় ২০৮ টা বন্যজীৱৰ মৃত্যু হৈছে ৷ ইফালে ওডালগুৰি আৰু বাক্সাত গৰাখহনীয়াৰ সমস্যা দেখা গৈছে ।বৰপেটা আৰু বিশ্বনাথৰ বহু স্থানত বান্ধৰ ক্ষতি গ্ৰস্তৰ কাৰণে নলবাৰী,ধুবুৰী,বৰপেটা,চিৰাং,বাক্সাত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে বৰপেটাত চাৰিখন বিদ্যালয় জলমগ্ন হোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ হত্যা অসমৰ স্বাভিমানক

ভিডিঅ প্ৰতক্ষ্য কৰক:6 ULFA(I) cadres, Two linkmen arrested in past 24 hours

Next Story
চাকৰি