মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰামৰ্শ: পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব এছ এ ববডে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰামৰ্শ: পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব এছ এ ববডে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰামৰ্শ: পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব এছ এ ববডে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শুকুৰবাৰে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ শাৰদা অৰবিন্দ ববডেক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ ববডেৰ নাম প্ৰেৰন কৰে ।

উৎস অনুসৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কেন্দ্ৰীয় আইন আৰু পৰিক্ৰমা মন্ত্ৰালয়ললৈ ববদেক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাইছে ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশৰ ৪৬ তম মুখ্য ন্যায়াধীশ হিচাপে ২০১৮ চনৰ ৩ অক্টোবৰ তাৰিখে শপত গ্ৰহণ কৰিছিল ।

যদি চৰকাৰৰ ফালৰ পৰা ববদেক আগন্তুক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে তেন্তে অহা ১৮ নৱেম্বৰ তাৰিখে দেশৰ ৪৭ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব । লগতে তেওঁ ২০২১ চনৰ ২৩ এপ্ৰিল তাৰিখে অৱসৰ গ্ৰহণ কৰিব । তাৰোপৰি বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com