Begin typing your search above and press return to search.

ৰাণু মণ্ডলৰ নতুন ভিডিঅ' ভাইৰেল , অনুৰাগীৰ আগত ৰাণু মণ্ডলৰ অদ্ভূত আচৰণ

ৰাণু মণ্ডলৰ নতুন ভিডিঅ ভাইৰেল , অনুৰাগীৰ আগত ৰাণু মণ্ডলৰ অদ্ভূত আচৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Nov 2019 1:18 PM GMT

ৰাণু মণ্ডলৰ নতুন ভিডিঅ' ভাইৰেল , অনুৰাগীৰ আগত ৰাণু মণ্ডলৰ অদ্ভূত আচৰণ । ছ'চিয়েল মিডিয়াত ৰাণু মণ্ডল‌ বহু চৰ্চিত নাম । প্ৰায়ে কিছুমান অদ্ভূত কাৰণত ৰাণু মণ্ডল‌ চৰ্চালৈ আহে । ষ্টেচনৰ পৰা বলিউড পোৱা ৰাণু মণ্ডল বিভিন্ন সময়ত ট্ৰ'লৰ সন্মুখীন হ'ব লগীয়া হয়। কিছুদিন আগতে এজন অনুৰাগীয়ে স্পৰ্শ কৰাত খং কৰা ৰাণু মণ্ডলৰ ভিডিঅ' ব্যাপক হাৰত প্ৰচাৰ হৈছিল । তদুপৰি তেওঁৰ প্ৰসাধন কৰা ফটোৰ বাবেও তেওঁ যথেষ্ট খিনি চৰ্চালৈ আহিছিল ।

ৰাণু মণ্ডলৰ আন এক ভিডিঅ' পোহৰলৈ আহিছে। য'ত দেখা পোৱা যায় যে ৰাণু মণ্ডলে এগৰাকী অনুৰাগীক উপেক্ষা কৰে । এই ভিডিঅ'টোত ৰাণু মণ্ডলক অনুৰাগীৰ পৰা ভাল প্ৰতিক্ৰিয়া লাভ কৰা নাই ।

https://www.instagram.com/p/B5C4Tkgh-Mr/?utm_source=ig_web_copy_link

ভিডিঅ'টোত ৰাণু মণ্ডলক এটা বিমান বন্দৰত দেখা পোৱা গৈছে। বিমান বন্দৰত ৰাণুৱে কাৰোবাৰ অপেক্ষা কৰি থকা দেখা যায় । তেওঁৰ হাতত টিকটো দেখা পোৱা গৈছে। সেই সময়তে এজন অনুৰাগী ৰাণু মণ্ডলৰ ওচৰলৈ আহে আৰু চেলফি ল'বলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ফটো উঠিব খোজাত ৰাণু মণ্ডলে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া দেখি সকলোৱে তেওঁক সমালোচনা কৰিছে । দেখা গৈছে যে ৰাণুৱে অনুৰাগী গৰাকীক উপেক্ষা কৰিছে ।

ৰাণু মণ্ডলৰ ভাইৰেল হোৱা এই ভিডিঅ'টোত বহুতে মন্তব্য প্ৰকাশ কৰিছে । কোনোবাই যদি তেওঁক অহংকাৰী বুলি কৈছে তেন্তে আন কোনোবাই কৈছে যে সোনকালেই তেওঁৰ অহংকাৰ শেষ হ'ব। তদুপৰি আন বহুতেই কৈছে যে এই ভিডিঅ'টো আধৰুৱা । যাৰ ফলত ৰাণু মণ্ডলৰ সম্পূৰ্ণ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই । এনেদৰে ৰাণুক সমালোচনা কৰা উচিত নহয় বুলিও মন্তব্য প্ৰকাশ কৰে তেওঁৰ অনুৰাগীয়ে । অৱশ্যে ৰাণু মণ্ডলে এতিয়ালৈকে এই ভিডিঅ'টোৰ ওপৰত কোনো ধৰনৰ মন্তব্য আগবঢ়োৱা নাই ।

অন্য খবৰৰ বাবে পঢ়ক: ১০০ ত ফোন কৰি আৰক্ষীক সুৰা বিচাৰি হাহাকাৰ যুৱকৰ, ভাইৰেল হ’ল ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক : Leopard caged at Hulunghabi Tea Estate in Digboi

Next Story
চাকৰি