Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধঃ সকলো চিকিৎসালয়ে ৰাখিব লাগিব সুকীয়া কক্ষ

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধঃ সকলো চিকিৎসালয়ে ৰাখিব লাগিব সুকীয়া কক্ষ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2020 8:11 AM GMT

এতিয়াৰে পৰা ৰাজ্যৰ সকলো চৰকাৰী- বেচৰকাৰী চিকিৎসালয়ে ক’ৰ’না ভাইৰাছ আক্ৰান্তক চিকিৎসাৰ বাবে সুকীয়া কক্ষ ৰাখিব লাগিব ৷ ক’ৰ’না ভাইৰাছৰ সম্ভাব্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ উদ্দেশ্য বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে ৰাজ্য চৰকাৰে ৷ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই জাৰি কৰা এই নিৰ্দেশত লগতে কোৱা হয় যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য সমগ্ৰ ৰাজ্যত একোজনকৈ ক্ষমতাসম্পন্ন বিষয়া নিযুক্তি দিয়া হ’ব ৷ বিষয়াজনে নিজৰ অধীনৰ অঞ্চলত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ কাম কৰিব ৷

আনহাতে, কোনো চিকিৎসালয়ে ক’ৰ’না ভাইৰাছ ৰোগীক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। তদুপৰি এনেধৰণৰ ৰোগীৰ বিষয়ে চিকিৎসালয়সমূহে স্বাস্থ্য বিভাগক অৱগত কৰিব লাগিব ৷ আনহাতে, দেশ-বিদেশ ভ্ৰমণ কৰা লোকসকলক নিজকে আছুতীয়া কৰি ৰাখিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ জাৰি কৰিছে । তদুপৰি স্বাস্থ্য বিভাগ বা সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় কোনো তথ্য কোনো মাধ্যমেৰে কোনোৱেই প্ৰচাৰ কৰিব নোৱাৰিব বুলি উক্ত নিৰ্দেশনাত কোৱা হৈছে। এনে নীতি-নিয়ম উলংঘাকাৰীক জৰিমনাৰ শাস্তি বিহা হ’ব বুলি স্বাস্থ্য বিভাগৰ নিৰ্দেশনাটোত কোৱা হৈছে।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শর্মাই কয় যে ভয়াবহ ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে।ক'ৰ'না ভাইৰাছে মহামাৰীৰ ৰূপ ল’লেও অসমত অযথা আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই। ডঃ শর্মাই লগতে কয় যে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাসপাতাল(জিএমসিএইচ)ত ক'ৰ'না ভাইৰাছ সম্পর্কীয় ২৯ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ২৮ জনৰ শৰীৰত এই বীজাণুৰ কোনো লক্ষণ ধৰা নপৰিল। উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য ৰাজ্য চৰকাৰে অহা ২৯মাৰ্চলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ তদুপৰি জিমনেছিয়াম, শ্বপিং মল আদিও বন্ধ ৰাখিবলৈ চৰকাৰে নিৰ্দেশ দিছে ৷ ইপিনে, দেশত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ বুধবাৰলৈকে এই ৰোগত ১২৩জন লোক আক্ৰান্ত হয়।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছঃ কোৰিয়ান নাগৰিকক লৈ ধেমাজিত হাহাকাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Author Dr. Paramanada Majumdar honoured with Maghai Oja Award

Next Story
চাকৰি