ক'ৰ'না ভাইৰাছৰ মোকাবিলাৰ বাবে প্ৰস্তুত ৰাজ্য চৰকাৰঃ ডঃ শৰ্মা

ক'ৰ'না ভাইৰাছৰ মোকাবিলাৰ বাবে প্ৰস্তুত ৰাজ্য চৰকাৰঃ ডঃ শৰ্মা

ভয়াবহ ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে এই দাবী স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শর্মাৰ ৷ সোমবাৰে স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে ক'ৰ'না ভাইৰাছে মহামাৰীৰ ৰূপ ল’লেও অসমত অযথা আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই। ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্য যাবতীয় ব্যবস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলি মন্ত্ৰীজনে দাবী কৰে । ডঃ শর্মাই লগতে কয় যে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাসপাতাল(জিএমসিএইচ)ত ক'ৰ'না ভাইৰাছ সম্পর্কীয় ২৯ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ২৮ জনৰ শৰীৰত এই বীজাণুৰ কোনো লক্ষণ ধৰা নপৰিল। উল্লেখ্য যে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহত এজন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে ৷ প্ৰশাসনৰ তথ্য অনুসৰি এই লোকজনে মালয়েছিয়া ভ্ৰমণ কৰিছিল।শেহতীয়াভাবে তেওঁ জ্বৰ আৰু কাহত আক্ৰান্ত হয় ৷

তদুপৰি তেওঁ অত্যন্ত ভাগৰ অনুভৱ কৰিবলৈ ধৰে ৷ এনেদৰে তেওঁৰ শৰীৰত একপ্ৰকাৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠাত লোকজনক এ এম চিত ভৰ্তি কৰা হয় ৷ তাৰ পাছৰে পৰা তেওঁক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰাখি বিশেষজ্ঞ চিকিৎসকৰ দলে পৰ্যবেক্ষণ কৰি আছে ৷ উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য ৰাজ্য চৰকাৰে অহা ২৯মাৰ্চলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ তদুপৰি জিমনেছিয়াম, শ্বপিং মল আদিও বন্ধ ৰাখিবলৈ চৰকাৰে নিৰ্দেশ দিছে ৷ ইপিনে, দেশত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ শেহতীয়া তথ্য অনুসৰি দেশত এই পৰ্যন্ত ১১৩জন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

ইপিনে, ৰাজ্যত বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাই ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ উদ্দেশ্য জন সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে। বাছ আস্থানসমূহ, বিমানবন্দৰসমূহ, ফেৰীসমূহত সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। বাছ আস্থানসমূহত আৰু আভ্যন্তৰীণ জল পৰিবহণৰ অভিযন্তাসকলক নিজৰ অধীনৰ ফেৰীসমূহত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একদৰে মঙলবাৰে গুৱাহাটী পল্টন বজাৰত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে সজাগতা অভিযান চলায়। মিছনে এটা অস্বায়ী স্বাস্থ্য শিবিৰৰো আয়োজন কৰে। উল্লেখ্য যে ভাৰতত বৰ্তমানলৈকে ১২৩জন লোক এি মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: State level body building and fitness competition organised at Jagiroad

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com