Begin typing your search above and press return to search.

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেজাই কলাখোৱাত বান সাহায্য প্ৰদান

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেজাই কলাখোৱাত বান সাহায্য প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2019 1:06 PM GMT

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেজাই কলাখোৱাত বান সাহায্য প্ৰদান কৰে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত লেজাই কলাখোৱা অঞ্চলৰ তিনিখন গাৱঁ‌ত বৃহস্পতিবাৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া জ্যেষ্ঠ নাগৰিক মঞ্চ, সমাজ, লেখিকা সংস্থা, কবি সন্মিলন, মহিলা সমিতি, টাউন ক্লাৱ আৰু সমূহ নাহৰকটীয়া বাসী ৰাইজৰ সহযোগত বানাক্ৰান্ত ৰাইজৰ বাবে বান সাহাৰ্য্য প্ৰদান কৰা হয়।

উল্লেখ্য যে উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ,সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সঞ্জীৱ চাংমাই,ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,উপ-সভাপতি তচেন ডেকা,তথ্য সম্পাদক জয়ন্ত কোৱঁ‌ৰ,নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজু দে',সভাপতি ঋতুপৰ্ণ গগৈ,সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম গগৈ তথা বহুতো নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি নানান ধৰণৰ বান সাহাৰ্য প্ৰদান কৰে।

সম্প্ৰতি সমগ্ৰ ৰাজ্যত বানে সকলো তচনচ কৰিছে ৷বানত সৰ্বস্বান্ত হ’ল বানাক্ৰান্ত ৷ যাৰ কাৰণে সম্প্ৰতি তেওঁলোকক সহায়ৰ প্ৰয়োজন হৈ পৰিছে ৷ সেয়েহে আগবাঢ়ি আহিছে সকলো দল সংগঠন। নাহৰকটীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত লোকসকলক সাহাৰ্য্য প্ৰদান কৰিছে।

বিজনী আছুৰ এটা সঁজাতি দলৰ সৈতে বিজনী নগৰ মহিলা সমিতিৰ একাংশ মহিলা আৰু সংবাদিকৰ দল উপস্থিত হয়, বানাক্ৰান্তৰ কাষত। বঙাইগাঁও জিলাৰ বিজনী মহকুমাৰ ৰাজহ চক্ৰৰ অধীনৰ ২ নং জামদহা আৰু ১ নং জাৰাগুৰীৰ বানাক্ৰান্তৰ মাজত বৃহস্পতিবাৰে বিজনী আছুৰ এটা দলৰ সৈতে বিজনী নগৰ মহিলা সমিতিৰ একাংশ মহিলা আৰু সংবাদিকৰ দল উপস্থিত হয় বানাক্ৰান্ত কাষত আৰু বানাক্ৰান্তক সকাহ দিবৰ কাৰণে কিছু পৰিমাণে সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য যে ১ নং জাৰাগুৰীত ইতিমধ্যে ১১৭ টা পৰিয়ালৰ বাসগৃহ, কৃষিভূমি আদি নৈখনৰ বুকুত জাহ যোৱাৰ ফলত গৃহহীন হৈ পৰে পৰিয়ালসমূহ ৷ যাৰ কাৰণে পথৰ ওপৰতে দুৰ্বিসহ জীৱন -যাপন কৰিবলগীয়া হৈছে বানাক্ৰান্তই । ইয়াৰোপৰি ১ নং জৰাগুৰী আৰু ২ নং জৰাগুৰীৰ ৪ শতাধিক বানাক্ৰান্ত পৰিয়ালৰ একাংশ পথৰ ওপৰত তথা আন একাংশ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে । যদিও আজি পৰ্যন্ত্য ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী বানাক্ৰান্ত গাঁৱবাসীৰ কাষত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।

যাৰ কাৰণে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ইফালে দেখা গৈছে বানৰ ফলত ছাত্ৰ-ছাত্ৰীৰ কিতাপ- বহি তিতি যোৱাৰ ফলত একাংখ্য ছাত্ৰ- ছাত্ৰীয়ে কিতাপ বহি ৰ’দত মেলি দি শুকোৱা পৰিলক্ষিত হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক: বানাক্ৰান্তসকলক সাহাৰ্য্য প্ৰদান গুৱাহাটীবাসীৰ

Next Story
চাকৰি