মহানগৰীত যানবাহনৰ নিত্য নতুন সমস্যাই উপেক্ষা কৰিছে স্মাৰ্ট চিটীৰ সপোনক

মহানগৰীত যানবাহনৰ নিত্য নতুন সমস্যাই উপেক্ষা কৰিছে স্মাৰ্ট চিটীৰ সপোনক

মহানগৰীত যানবাহনৰ নিত্য নতুন সমস্যাই উপেক্ষা কৰিছে স্মাৰ্ট চিটীৰ সপোনক ৷ গুৱাহাটীক সকলো ফালৰ পৰা স্মাৰ্ট চিটীক পৰিণত কৰিবলৈ চৰকাৰে সৰ্বতো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ।চৰকাৰে মহানগৰীখনক ব্যৱসায় বানিজ্যৰ লগতে সকলো ফালৰ পৰা আন্তৰাষ্ট্ৰীয় কেন্দ্ৰ হিছাপে গঢ়ি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷কিন্তু তাৰ মাজতে মহানগৰীৰ যান বাহনে সৃষ্টি কৰা পৰিস্থিতিয়ে যেন স্মাৰ্ট চিটীৰ নিৰ্মাণ কৰাৰ সপোনক যেন উপেক্ষা কৰিছে ৷

অৱশ্যে কামৰূপৰ পৰিবহন বিভাগে যান বাহন নিয়ন্ত্ৰণ কৰাৰ কাৰণে কেতবোৰ নীতি নিৰ্দশনা জাৰি কৰিছিল ৷এই নীতি নিয়মৰ দ্বাৰা মহানগৰীত যান বাহনৰ সংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল।ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

লগতে প্ৰশান্ত শইকীয়াই কয় যে বেছিভাগ চিটী বাছ জি এছ,এম জি আৰু আৰ জি বৰুৱা পথদি চলাচল কৰে ৷ আৰু এই পথটোত তীব্ৰ যান বাহনৰ সমস্যাই দেখা দিয়ে ৷ ইয়াৰ বিপৰীতে কিছুমান পথেদি কেতিয়াও যান বাহন চলাচল নকৰে। অন্যহাতে দ্য চেন্টিনেলৰ সন্মুখত প্ৰশান্ত শইকীয়া কয় যে ১৫ -২০ বছৰৰ পূৰ্বে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷

লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব।

কিন্তু ইয়াৰ মাজতে সদা ব্যস্ত পথ এ বি চিৰ ট্ৰেফিক পইন্টত দেখা গৈছে যান বাহনৰ সমস্যা ৷উল্লেখ্য যে এই অঞ্চলটো দুৰ্ঘটনাৰ সম্ভাৱনা থকা অঞ্চল ৷ বিগত সময়ত এই ঠাইত থকা ট্ৰেফিক পইন্টৰ এটা লাইট বিকল হয়। কিন্তু বিকল হোৱা লাইটটো এতিয়াও কোনেও মেৰামতি কৰাৰ কথা উত্থাপন কৰা নাই ৷সম্প্ৰতি সেই ঠাইত ব্যাপকভাৱে যান বাহনৰ সমস্যাই দেখা দিয়ে ৷

চিগনেলটো বিকল হৈ যোৱাৰ কাৰণে সেই অঞ্চলটোত যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ যান বাহন আৰক্ষীৰ বহু অসুবিধা সন্মুখীন হয় ৷ দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত এজন যান বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীয়ে কয় যে সমগ্ৰ দিন ট্ৰেফিক নিয়ন্ত্ৰণ কৰাটো প্ৰকৃততে সহজ কথা নহয় ৷ ইফালে ট্ৰেফিকৰ পৰা প্ৰায়ে বাহন চালকসকলে নীতি নিয়ম অমান্য কৰে । যাৰ ফলত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়।

অন্যহাতে চিগনেলৰ মেৰামতি সম্পৰ্কত আৰক্ষী প্ৰশাসনক প্ৰশ্ন কৰোঁতে আৰক্ষী বিভাগে কয় যে এনে ধৰণৰ বিষয়সমূহ আমাৰ নহয়। এই বিষয়টোক পৰ্যবেক্ষণ কৰে গুৱাহাটী পৌৰ নিগমে। কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন হয় যে এনে ধৰণৰ কাৰ্যকলাপৰ কাৰণে দায়ী কোন? এনেধৰণৰ প্ৰাথমিক পৰিৱৰ্তন সমূহেই যদি নহয়, তেন্তে গুৱাহাটীক স্মাট চিটী হিছাপে গঢ়ি তুলিব কেনেকৈ? গতিকে সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা ল’ব সেয়া হ’ব গুৰুত্বপূৰ্ণ ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com