Begin typing your search above and press return to search.

সুস্থ হৈছে অসমৰ ক’ৰ’না আক্ৰান্তঃ ২০ এপ্ৰিলৰ ভিতৰত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়াৰ সম্ভাৱনা

সুস্থ হৈছে অসমৰ ক’ৰ’না আক্ৰান্তঃ ২০ এপ্ৰিলৰ ভিতৰত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়াৰ সম্ভাৱনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 April 2020 9:48 AM GMT

সুস্থ হৈছে অসমৰ ক’ৰ’না আক্ৰান্তঃ ২০ এপ্ৰিলৰ ভিতৰত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়াৰ সম্ভাৱনা

ক্ৰমাত্ সুস্থ হৈছে অসমৰ ক’ৰ’না মহামাৰীত আক্ৰান্তসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত অধিকাংশ ক’ৰ’নাত আক্ৰান্তক চিকিত্সালয়ৰ পৰা শীঘ্ৰে ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা প্ৰকট হৈছে। ইয়াৰ স্পষ্ট ইংগিত দি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে। ইতিমধ্যে কালি দুজন ক’ৰ’না আক্ৰান্তক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হয়। দুয়োজন সোণাপুৰৰ অসামৰিক চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল। দুয়োৰে ঘৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত অঞ্চলত।এই কথা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী শৰ্মাই কয়, “ আমি দুজন ক’ৰ’না আক্ৰান্ত ক্ৰমে জোনাব আলী আৰু নুৰুদ্দিন আলীক চিকিত্সালয়ৰ পৰা যাবলৈ দিছো। তেওঁলোক সোণাপুৰ জিলা চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল”। উল্লেখ্য যে অসমত বৰ্তমানলৈ ৩২জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰে এজন মৃত্যুমুখত পৰে।ইপিনে, দেশজোৰা তলাবন্ধৰ ফলত ৩ মে'লৈ স্থগিত থাকিব যাত্ৰীবাহী ৰেলসেৱা । ক’ৰ’না মহামাৰী সংহাৰ বৃদ্ধি পোৱাৰ মাজতে যোৱা ১৪ এপ্ৰিলৰ পুৱা ১০ বজাত দেশবাসীক তৃতীয় বাৰৰ বাবে সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পূৰ্বৰ সময়সূচী অনুসৰি ১৪ এপ্ৰিললৈ লকডাউন ঘোষণা কৰা হৈছিল যদিও এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰি ইয়াক ৩ মে' কৰা হয় । এই সময়চোৱাত ভাৰতীয় ৰেলৱেই অহা ৩ মে'লৈ যাত্ৰীৰ বাবে ৰেলসেৱা বাতিল কৰিছে । লকডাউনৰ সময়চোৱাত ৰেলৰ টিকট বুকিং কাউন্টাৰো বন্ধ থাকিব।প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি তলাবন্ধ বৃদ্ধিৰ বাবে কৰা ঘোষণাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰেলৱেই।‌

অন্য খবৰৰ বাবে পঢ়ক: শিক্ষা বিভাগৰ অনীহাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈছেঃ আছু

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি