পাঠশালাত বানাক্ৰান্তসকলৰ মাজত বানসাহায্য বিতৰণ

পাঠশালাত বানাক্ৰান্তসকলৰ মাজত বানসাহায্য বিতৰণ

পাঠশালাত বানাক্ৰান্তসকলৰ মাজত বানসাহাৰ্য বিতৰণ ৷ বজালীৰ পহুমৰা নদীৰ প্ৰলয়ংকাৰী বানে সকলো লোককে বানে বিধ্বস্ত কৰাৰ পিছত বহুসংখ্যক লোক আশ্ৰয় শিবিৰত আছে ৷ আৰু বানাক্ৰান্ত লোকসকল আশ্ৰয় শিবিৰৰ পৰা ক্ৰমে নিজ গৃহলৈ যাব ৷এক বিশেষ প্ৰতিবেদন অনুসৰি কলডিয়া,মানস আৰু পহুমৰা দৰে অধিকাংশ নদীৰ জলস্তৰ সম্প্ৰতি হ্ৰাস পাইছে ৷কিন্তু বানে প্ৰভাৱিত কৰা লোকসকল এতিয়াও নিজৰ বাসগৃহলৈ আহিব পৰা নাই ৷কাৰণ কিছুমান ঠাই এতিয়াও জলমগ্ন হৈ আছে ৷

বানাক্ৰান্তসকলৰ মাজত বান সাহাৰ্য বিতৰণ কৰিছে চৰকাৰে ৷ বৰপেটা জিলাৰ আৰক্ষীয়ে বৰপেটা আৰক্ষী অধীক্ষকৰ উপস্থিতিত ৰানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় শিবিৰত চিৰা,চেনী,গাখীৰ,ডেটল আৰু ম’হ খেদা ঔষধৰ লগতে অন্যান্য বস্তু বিতৰণ কৰে। বান সাহাৰ্য বিতৰণ কৰাৰ সময়ত বজালীৰ এচডিপটঅ’ বিৰিঞ্চি কুমাৰ বৰা,পংকজ শৰ্মাৰ লগতে অন্যান্য লোকসকল উপস্থিত থাকে।

বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই শনিবাৰে বিয়লি শিবিৰত উপস্থিত হয় আৰু বানাক্ৰান্তসকলৰ লগত মতবিনিময় কৰে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক প্ৰতিবেদন অনুসৰি ৫০ খন গাঁৱৰ ৪৫৩৬ হেক্টৰ কৃষি ভূমি সম্প্ৰতি নষ্ট হৈছে আৰু ৪০,৭০৫ জন লোক বজালী ৰাজহ চক্ৰৰ বানত প্ৰভাৱিত হৈছে ৷

নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেজাই কলাখোৱাত বান সাহায্য প্ৰদান কৰে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত লেজাই কলাখোৱা অঞ্চলৰ তিনিখন গাৱঁ‌ত বৃহস্পতিবাৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া জ্যেষ্ঠ নাগৰিক মঞ্চ, সমাজ, লেখিকা সংস্থা, কবি সন্মিলন, মহিলা সমিতি, টাউন ক্লাৱ আৰু সমূহ নাহৰকটীয়া বাসী ৰাইজৰ সহযোগত বানাক্ৰান্ত ৰাইজৰ বাবে বান সাহাৰ্য্য প্ৰদান কৰা হয়।

উল্লেখ্য যে উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ,সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সঞ্জীৱ চাংমাই,ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,উপ-সভাপতি তচেন ডেকা,তথ্য সম্পাদক জয়ন্ত কোৱঁ‌ৰ,নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজু দে’,সভাপতি ঋতুপৰ্ণ গগৈ,সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতিম গগৈ তথা বহুতো নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি নানান ধৰণৰ বান সাহাৰ্য প্ৰদান কৰে।

সম্প্ৰতি সমগ্ৰ ৰাজ্যত বানে সকলো তচনচ কৰিছে ৷বানত সৰ্বস্বান্ত হ’ল বানাক্ৰান্ত ৷ যাৰ কাৰণে সম্প্ৰতি তেওঁলোকক সহায়ৰ প্ৰয়োজন হৈ পৰিছে ৷ সেয়েহে আগবাঢ়ি আহিছে সকলো দল সংগঠন। নাহৰকটীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত লোকসকলক সাহাৰ্য্য প্ৰদান কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com