Begin typing your search above and press return to search.

আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজনী বিধান সভা সমষ্টি দুটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজনী বিধান সভা সমষ্টি দুটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 8:02 AM GMT

আজি দেশৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ | ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশত আজি কোকৰাঝাৰ লোকসভা সমষ্টিত আজি পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় । কোকৰাঝাৰ সমষ্টিৰ বিজনী বিধানসভা সমষ্টিৰ ২ টা কেন্দ্ৰত আজি পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ।

ভোটগ্ৰহন অনুষ্ঠিত হৈছে ৩৩ আৰু ৩৪ নং ভোটগ্ৰহন কেন্দ্ৰত । এই ভোট গ্ৰহণ কেন্দ্ৰ কেইটাত ২৩ এপ্ৰিলত অনুষ্ঠিত তৃতীয় পৰ্যায় নিৰ্বাচন অসুবিধাৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত নহল । ৩৩ নং ভোটগ্ৰহন কেন্দ্ৰত ৬০০ জন ভোটাৰ আছে আৰু ৩৪ নং ভোটগ্ৰহন কেন্দ্ৰত ৫৮২ ভোটাৰ আছে । পুৱা ৭ বজাৰ পৰা পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি