Begin typing your search above and press return to search.

প্ৰসংগঃ পেপাৰ মিল: প্ৰতিক্ৰিয়া অফিচাৰ এণ্ড চুপাৰভাইজাৰ্চ এছোচিয়েশ্যনৰ

প্ৰসংগঃ পেপাৰ মিল: প্ৰতিক্ৰিয়া অফিচাৰ এণ্ড চুপাৰভাইজাৰ্চ এছোচিয়েশ্যনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Oct 2019 5:10 AM GMT

নগাঁৱৰ পেপাৰ মিলৰ অফিচাৰ এণ্ড চুপাৰভাইজাৰ্চ এছোচিয়েশ্যন ৰাজ্য চৰকাৰক জাগিৰোড আৰু কাছাৰৰ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন পেপাৰ মিলক পুনৰ আৰম্ভ কৰিবলৈ দাবী কৰিছে। এছোচিয়েশ্যনে কিছুমান চৰ্ত লৈ পেপাৰ মিলক সুৰক্ষা দিয়া দল সংগঠন সমূহক ধন্যবাদ জ্ঞাপন কৰে।

সোমাবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি এছোচিয়েশ্যনৰ সভাপতি হেমন্ত কুমাৰ কাকতিয়ে কয় যে আমি তথ্য লাভ কৰিছো যে নুমলী তেল শোধনাগাৰকে ধৰি কিছুমান ব্যক্তিগত দলে হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডেৰে ব্যৱসায় কৰিব বিছাৰিছে ৷গতিকে যদি হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনে কৰ্মচাৰীসকলক সুৰক্ষা,চাকৰি দিয়ে তেন্তে আমাৰ ব্যক্তিগত বুলি কোৱা কথা নাথাকিব।

লগতে যিয়ে এই এইচপিচিৰ দায়িত্ব ল’ব তেওঁলোকে দীৰ্ঘসময় ধৰি পাবলৈ থকা ধনৰ লেন দেন সম্পূৰ্ণ কৰিব লাগিব। আৰু এইচপিচিৰ হিতাধিকাৰ সকলৰ লগত নীতি নিয়ম চৰ্ত আদিৰ বিষয়ে আলোচনা কৰিব লাগিব। নগাওঁ আৰশ কছাৰ এইচপিচি পেপাৰ মিলত বৰ্তমান ১১০০ কৰ্মচাৰী আছে। ৩২ মাহ পাৰ হৈ গ’ল৷ এতিয়ালৈকে আমি বেতন লাভ কৰা নাই। আৰ্থিক অসুবিধাৰ কাৰণে ৫৭ জন কৰ্মচাৰীয়ে মৃত্যু বৰণ কৰিলে ৷তিনিজন কৰ্মচাৰীয়ে আত্মহত্যা কৰিলে ।তাৰ ভিতৰত এজনে স্পষ্ট ৰূপত নিজৰ মৃত্যুৰ কাৰণ চৰকাৰ বুলি প্ৰকাশ কৰিছে ।এই মন্তব্য হেমন্ত কুমাৰ কাকতিৰ ৷

কাকতিয়ে লগতে কয় যে আমাৰ মাহেকীয়া বেতনৰ পৰা লোৱা টকাও জমা হোৱা নাই ৷ইফালে চৰকাৰৰ বহু মন্ত্ৰী বিধায়কে পেপাৰ মিলক পুনৰ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আজি সম্প্ৰতি হৈ নুঠিল ৷২০১৮ চনৰ জুলাইত ভাৰত চৰকাৰে এইচপিচিক ৯০ কোটি টকাৰ মঞ্জুৰী দিছিল।যদিও কোনো অজ্ঞাত কাৰণত সেই ধন জাৰি নহ’ল। গতিকে অনতি পলমে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

অন্যহাতে ব্যক্তিগত ভাৱে যদি কোনো পক্ষই পেপাৰ মিলক অধিগ্ৰহণ কৰে ৷তেন্তে পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ নিয়োগৰ সুৰক্ষা ল’বনে ? উল্লেখযোগ্য যে দিছপুৰৰ হেছাঁত কেন্দ্ৰই পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ কাৰণে ৯০ কোটি ঘোষনা কৰিছে যদিও কৰ্মচাৰীসকলক এতিয়ালৈকে ধন লাভ কৰা নাই ৷ এইচপিচিৰ পেপাৰ মিলৰ ৰিভাইভেল কমিটীৰ মুখ্য সংযোজক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে প্ৰথমতে চৰকাৰে দুয়োটা পেপাৰ মিলক পুনৰোজ্জীৱিত কৰাৰ আশ্বাস দিয়ে ৷ৰাজ্যৰ উদ্দ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও দুয়োটা পেপাৰ মিলৰ কাৰণে পেকেজ দিয়াৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু বাস্তৱত সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ গতিকে এই পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যতক লৈ চৰকাৰে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যনীয় হ’ব ।

অন্য খবৰৰ বাবে পঢ়ক : হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত নলয় চৰকাৰে

ভিডিঅ প্ৰতক্ষ্য কৰক:NFR promotes Clean India initiative of ‘Swachhta Hi Seva’ in Assam

Next Story
চাকৰি