Begin typing your search above and press return to search.

কাজিৰঙাৰ বাগৰী বন বিভাগৰ জিম্মাৰ পৰা পলায়ন চোৰাং চিকাৰী

কাজিৰঙাৰ বাগৰী বন বিভাগৰ জিম্মাৰ পৰা পলায়ন চোৰাং চিকাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 May 2019 12:22 PM GMT

বন বিভাগৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হৈছে চোৰাং চিকাৰী । ১৩ মেত কাজিৰঙাৰ বাগৰী বন বিভাগ শাখাৰ জিম্মাৰ পৰা এটা গড় চোৰাং চিকাৰী পলাই সাৰিবলৈ সক্ষম হয় ।

৯ মেত জখলাবন্ধা আৰক্ষীয়ে আখতাৰ আলি নামৰ এই চোৰাং চিকাৰীটোক আটক কৰিবলৈ সক্ষম হৈছিল । নগাঁও জিলাৰ জখলাবন্ধা গাৰুবন্ধাৰ পৰা আটক কৰিবলৈ সক্ষম হয় এই চোৰাং চিকাৰীটোক আৰক্ষীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুকেইটা গড় চিকাৰৰ লগত জড়িত আছিল এই চোৰাং চিকাৰীটো ।

২০১৬ চনত আকটাৰ আলি নামৰ এই চোৰাং চিকাৰীটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান্দৰদুবীত বাস কৰিছিল ।

২০১৮ চনৰ ১৫ ডিচেম্বৰত বাগৰী বন বিভাগৰ সমিপত সংঘটিত গড় চিকাৰৰ ঘটনাৰ লগত জড়িত আছিল এই আকটাৰ আলি নামৰ চোৰাং চিকাৰীটো ।

আনহাতে চোৰাং চিকাৰীটো পলাই যোৱা ঘটনাক কেন্দ্ৰ কৰি ক্ষোভ ব্যক্ত কৰিছে স্থানীয় লোকে। ৰেঞ্জ অফিচৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে। ৰেঞ্জ অফিচাৰ পংকজ বৰা অমনযোগিতাৰ বাবে চোৰাং চিকাৰীটো পলাই যাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰাৰ লগতে ৰেঞ্জ অফিচৰ পংকজ বৰাৰ বদলিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি