ভূমি অধিকাৰ ৰক্ষা কৰিবলৈ উচ্চ স্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত

ভূমি অধিকাৰ ৰক্ষা কৰিবলৈ উচ্চ স্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত

অসম চৰকাৰে ৰাজ্যৰ স্বদেশী লোকসকলৰ ভূমি অধিকাৰ ৰক্ষা কৰাৰ কাৰণে এক বিধায়িনী উপায় কৰিবলৈ আঁচনি তৈয়াৰ কৰিছে ৷এই সম্বন্ধত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমণ বিভাগে স্বদেশী লোকসকলক চিনাক্ত কৰিবলৈ এখন উচ্চ স্তৰীয় সমিতি গঠন কৰিবলৈ নিৰ্ণয় লৈছে ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি অধিকাংশ নিম্ন বৰ্গৰ লোক সমগ্ৰ ৰাজ্যখনত বিয়পি আছে ।

উচ্চ স্তৰীয় সমিতিখন এই লোকসকলক সামাজিক আৰু আৰ্থিকভাৱে অধ্যয়ণ কৰিব আৰু বিভাগক নিজৰ প্ৰতিবেদন প্ৰদান কৰিব ।আৰু প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে শেষ সিদ্ধান্ত ল’ব ৷দ্য চেন্টিনেলৰ সৈতে মত বিনিময় কৰি ৰাজহ আৰু দুৰ্যোগ প্ৰশমণ বিভাগৰ শীৰ্ষ অধিকাৰীয়ে মন্তব্য কৰে যে ৰাজ্য চৰকাৰৰ দৃষ্টিত ৰাজ্যৰ বহু স্বদেশী লোকে কিছুমান বহিৰাগতৰ কাৰণে নিজৰ ভূমি হেৰুৱাইছে ৷যদি এনেধৰণেই বিষয়টো আগবাঢ়ি গৈ থাকে তেন্তে ভৱিষ্যতে এই লোকসকলে ভূমি হেৰুৱাব।

সেয়েহে এনেধৰণৰ পদক্ষেপ ৰাজ্য চৰকাৰে লৈছে ৷ আনহাতে এই সমগ্ৰ বিষয়টো ভূমি নীতি ২০১৯ ৰ অন্তৰ্গত লোৱা হৈছে ৷যাৰ কাৰণে ৰাজ্যৰ মন্ত্ৰী মণ্ডলে প্ৰথমতেই নিজৰ সহমত প্ৰদান কৰিছে ৷ইয়াত অসমৰ স্বদেশী লোকসকলক ভূমি অধিকাৰৰ পৰা সুৰক্ষিত কৰাৰ প্ৰসংগৰ কথা ইয়াত উল্লেখ আছে । উল্লেখ্য যে ৰাজ্যৰ স্বদেশী লোকসকলৰ ভূমি অধিকাৰৰ কাৰণে চৰকাৰে এক উচ্চ স্তৰীয় সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com