আজি মুক্তি পাব ৰীমা দাসৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি বুলবুল কেন সিং

আজি মুক্তি পাব ৰীমা দাসৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি বুলবুল কেন সিং

ৰীমা দাসৰ দ্বিতীয়খন পূৰ্ণ্য দৈঘ্যৰ ছবি বুলবুল কেন চিং মুক্তি পাবলৈ সম্প্ৰতি সাজু হৈছে ৷সাম্প্ৰতিক সময়ত অসমৰ চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত এটি চিনাকি নাম ৰীমা দাস । ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰীমা দাসৰ সাফল্যই অসমৰ লগতে দেশবাসীক গৌৰাম্বিত কৰিছে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত ভিলেইজ ৰকষ্টাৰৰ দৰে বুলবুল কেন চিং ছবিখন ইতিবাচক চিন্তাৰে দৃশ্য গ্ৰহণ কৰা হৈছিল। বুলবুল কেন চিং ছবিখন টৰেন্ট’ ছবি মহোৎসৱ আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবিমহোৎসৱত ৪০ খন ছবি মহোৎসৱত দেখুওৱা হৈছে ৷লগতে ছবিখনে ১৩ টা পুৰস্কাৰ লাভ কৰিছে ৷

ৰীমা দাসৰ পূৰ্বৰ ছবি ভিলেজ ৰকষ্টাৰছ ( village rockstars ) য়ে লাভ কৰিছিল ৩ টাকৈ সন্মানীয় বঁটা । ইয়াৰ লগতে সকলোৰে বহু প্ৰতীক্ষিত ভিলেজ ৰকষ্টাৰছে অস্কাৰলৈও মনোনিত হৈছিল ৷ এইয়া নিশ্চয় অসমৰ লগতে ভাৰতবাসীলৈ গৌৰৱপূৰ্ণ কথা ৷ ভিলেজ ৰকষ্টাৰছৰ দৰে এইবাৰৰ বুলবুল কেন ছিং এ ও ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইতিমধ্যে ৰীমা দাসৰ বুলবুল কেন ছিং এই লাভ কৰিছে ৰজত কমল বঁটা ( rajat Kamal award )৷

বুলবুল কেন চিং ছবিখনত দশৰ্কে গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি দেখা পাব বুলি কয় ৰীমা দাসে । লগতে গুৱাহাটীতে ছবিখনৰ কৰ্মকৰ্তা সকলৰ সৈতে ছবিখন উপভোগ কৰিব ৰীমা দাসে । লগতে ছবিখন সকলো অসম বাসীকে উপভোগ কৰিবলৈ আহ্বান জনায় ৰীমা দাসে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com