শ্ৰেষ্ঠ পৰিচালকৰ সন্মানেৰে অসমলৈ সুনাম ৰীমা দাসৰ

শ্ৰেষ্ঠ পৰিচালকৰ সন্মানেৰে অসমলৈ সুনাম ৰীমা দাসৰ

পৰিচালক ৰীমা দাস আৰু সফলতা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ এইবাৰ মুম্বাইত অনুষ্ঠিত জাগৰণ ছবি মহোৎসৱত জিলিকিল ৰীমা দাসৰ বুলবুল কেন ছিং ৷ কাৰণ সদ্য মুক্তি প্ৰাপ্ত ছবি বুলবুল কেন ছিঙৰ কাৰণে ৰীমা দাসে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ। বটাঁ গ্ৰহন কৰি উৎসাহী হৈ পৰা ৰীমা দাসে কয় যে মই জাগৰণ ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ গ্ৰহণ কৰি প্ৰকৃততে উৎসাহী হৈ পৰিছো।

প্ৰসিদ্ধ ছবি নিৰ্মাতা অপৰ্ণা সেনৰ দৰে পৰিচালকৰ লগত একেলগে বটাঁ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ৰীমা দাস ৷ লগতে জাগৰণ ছবি মহোৎসৱত বটাঁ লাভ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ৰীমা দাসে । ইফালে বিগত বৰ্ষত ৰীমা দাসৰ ভিলেইজ ৰকষ্টাৰে জাগৰণ ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

চলিত বৰ্ষৰ ২০ ছেপ্তেম্বৰত ছবিঘৰত বুলবুল কেন ছিঙে মুক্তি লাভ কৰিছিল ৷ এই ছবিখনে আঞ্চলিক ভাষাত ৬৬ সংখ্যক ৰজত কমল বটাঁ লাভ কৰিছিল ৷ ইয়াৰোপৰি বুলবুল কেন ছিঙে চলিত বৰ্ষত সৰ্বশ্ৰেষ্ঠ অসমীয়া ছবিৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত ভিলেইজ ৰকষ্টাৰৰ দৰে বুলবুল কেন চিং ছবিখন ইতিবাচক চিন্তাৰে দৃশ্য গ্ৰহণ কৰা হৈছিল। বুলবুল কেন চিং ছবিখন টৰেন্ট’ ছবি মহোৎসৱ আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত দেখুওৱা হৈছে ৷লগতে ছবিখনে ১৩ টা পুৰস্কাৰ লাভ কৰিছে ৷

ইফালে ৰীমা দাসৰ পূৰ্বৰ ছবি ভিলেজ ৰকষ্টাৰছ ( village rockstars ) য়ে লাভ কৰিছিল ৩ টাকৈ সন্মানীয় বঁটা । ইয়াৰ লগতে সকলোৰে বহু প্ৰতীক্ষিত ভিলেজ ৰকষ্টাৰছে অস্কাৰলৈও মনোনিত হৈছিল ৷ এইয়া নিশ্চয় অসমৰ লগতে ভাৰতবাসীলৈ গৌৰৱপূৰ্ণ কথা ৷ ভিলেজ ৰকষ্টাৰছৰ দৰে এইবাৰৰ বুলবুল কেন ছিঙে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে।

আনহাতে কিছুদিনৰ পূৰ্বে আয়েৰলেণ্ডত অনুষ্ঠিত ভাৰ্জিন মিডিয়া ডাবলিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হৈছিল । ‘বুলবুল কেন চিং ‘ ছবিৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাসে ।২০১৮ চনত ছবিখনৰ ৱ’ল্ড প্ৰিমিয়াৰ হৈছিল টৰন্টো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত । দক্ষিণ এছিয়ান প্ৰিমিয়াৰ বুছান আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ হয় মুম্বাই ছবি মহোৎসৱত ।২০ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে আয়েৰলেণ্ডৰ ডাবলিনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল ৰীমা দাসে । অসম কন্যা ৰীমা দাসৰ এই বিৰল সন্মানত উৎফুল্লি হৈ পৰিছে অসমবাসী অথা অনুৰাগী সকল।

ভিডিঅ প্ৰতক্ষ্য কৰক:Road Accident in Orang, One killed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com