অষ্ট্ৰেলিয়াত প্ৰদৰ্শিত হব ৰিমা দাসৰ "বুলবুল কেন সিঙ" : উপস্থিত থাকিব শ্বাহৰুখ খান

অষ্ট্ৰেলিয়াত প্ৰদৰ্শিত হব ৰিমা দাসৰ "বুলবুল কেন সিঙ" : উপস্থিত থাকিব শ্বাহৰুখ খান

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব'ৰ্ণত প্ৰদৰ্শিত হব যশস্বী ছবি পৰিচালক ৰীমা দাসৰ " বুলবুল কেন সিঙ" ছবি খন। এই অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান । ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব'ৰ্ণ মুকলি অনুষ্ঠানত প্ৰদশিত হব ৰীমা দাসৰ "বুলবুল কেন সিঙ " ছবি খন। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হব এই অনুষ্ঠান।

আঞ্চলিক ভাষাৰ ছবি " ভিলেইজ ৰকষ্টাৰ" ৰ যোগেদি বিশ্বতে ৰীমা দাসে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ২০১৮ চনত ভিলেইজ ৰকষ্টাৰ ছবি খনে শ্ৰেষ্ঠ ফিচাৰ্চ শাখাত ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল । অস্কাৰৰ বাবে মনোনয়ন কৰা হৈছিল ৰীমা দাসৰ "ভিলেইজ ৰকষ্টাৰ " ।

ৰীমা দাসৰ " বুলবুল কেন সিঙ" ছবি খন আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত বহুবাৰ প্ৰদৰ্শিত হৈছে। ৮ আগষ্টত এই ছবি মহোৎসৱৰ আৰম্ভণিৰ দিনা দ্য ডিষ্ট্ৰিক্ট ডকলেণ্ডছৰ হয়ট্ছত প্ৰদৰ্শিত হব ৰীমা দাসৰ ছবিখন ।

এই সম্পৰ্কত ৰীমা দাসে প্ৰকাশ কৰিছে যে, অনুষ্ঠানৰ প্ৰথম নিশাৰ বাবে উৎসাহ আৰু উদ্দীপনা দেখি যথেষ্ট সুখী । ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব'ৰ্ণৰ অপেনিঙ নাইটত বুলবুল কেন সিঙ ছবি খন প্ৰদৰ্শিত হোৱাক লৈ যথেষ্ট উৎসাহিত হৈ আছে । কমিটিক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো । ছবি নিৰ্মাতা হিচাপে যথেষ্ট সুখ অনুভৱ কৰিছো বুলি প্ৰকাশ কৰে।

বিশ্বৰ আগশাৰীৰ ছবি মহোৎসৱৰ অন্যতম টৰন্টো আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ “শ্বেয়াৰ হাৰ জাৰ্নী ” শীৰ্ষক পদক্ষেপৰ এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল ছবি নিৰ্মাতা ৰীমা দাসক ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com