শুকুৰবাৰে ছবিগৃহত ৰীমা দাসৰ দ্বিতীয় খন পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি বুলবুল কেন ছিং

শুকুৰবাৰে ছবিগৃহত ৰীমা দাসৰ দ্বিতীয় খন পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি বুলবুল কেন ছিং

শুকুৰবাৰে ছবিগৃহত মুক্তি পাব ৰীমা দাসৰ দ্বিতীয় খন পূৰ্ণ দৈৰ্ঘৰ কথাছবি বুলবুল কেন ছিং ( Bulbul can sing ) । সাম্প্ৰতিক সময়ত অসমৰ চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত এটি চিনাকি নাম ৰীমা দাস । ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰীমা দাসৰ সাফল্যই অসমৰ লগতে দেশবাসীক গৌৰাম্বিত কৰিছে ৷ ভিলেইজ ৰক ষ্টাৰৰ অভূতপূৰ্ব সাফল্যৰ পিছত ২০ চেপ্তেম্বৰ অৰ্থাৎ শুকুৰবাৰে ছবি গৃহত মুক্তি লাভ কৰিব অসম গৌৰৱ ৰীমা দাসৰ দ্বিতীয় খন পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি " বুলবুল কেন ছিং " ।

সকলো চলচ্চিত্ৰ প্ৰেমীয়ে সাম্প্ৰতিক সময়ত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ধিং এক্সপ্ৰেছ ৰীমা দাসৰ ছবিখনলৈ ৷ কাৰণ জীৱনৰ বহু প্ৰত্যাহ্বানক অতিক্ৰম কৰি প্ৰচেষ্টাৰ ফলত ঢাপে ঢাপে আগুৱাইছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ৰীমা দাস‌। ৰীমা দাসৰ পূৰ্বৰ কথিছবি ভিলেজ ৰকষ্টাৰে ইতিমধ্যে বহু সন্মান বুলিবলৈ সক্ষম হৈছে। ব্যক্তিক্ৰম নহয় বুলবুল কেন চিঙো ৷কাৰণ ভিলেজ ৰকষ্টাৰচৰ পিছত এইবাৰ যশস্বী পৰিচালক ৰীমা দাসৰ বুলবুলি কেন ছিং এ আজুৰি আনিলে মামি মুম্বাই‌ ফিল্ম ফেষ্টিভেল (Mami Mumbai film festival ) ৰ " গোল্ডেন গেটৱে এৱাৰ্ড " ( golden gateway award ) ।

ৰীমা দাসৰ পূৰ্বৰ ছবি ভিলেজ ৰকষ্টাৰছ ( village rockstars ) য়ে লাভ কৰিছিল ৩ টাকৈ সন্মানীয় বঁটা । ইয়াৰ লগতে সকলোৰে বহু প্ৰতীক্ষিত ভিলেজ ৰকষ্টাৰছে অস্কাৰলৈও মনোনিত হৈছিল ৷ এইয়া নিশ্চয় অসমৰ লগতে ভাৰতবাসীলৈ গৌৰৱপূৰ্ণ কথা ৷ ভিলেজ ৰকষ্টাৰছৰ দৰে এইবাৰৰ বুলবুল কেন ছিং এ ও ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে। ইতিমধ্যে ৰীমা দাসৰ বুলবুল কেন ছিং এই লাভ কৰিছে ৰজত কমল বঁটা ( rajat Kamal award )৷

২০ তাৰিখ অৰ্থাৎ শুক্ৰবাৰে মুক্তি লাভ কৰিব ৰীমা দাসৰ বুলবুল কেন ছিং। আমেৰিকাৰ পৰা বুধবাৰে ছয়গাঁৱৰ নিজ বাসগৃহত উপস্থিত হয় ৰীমা দাস । ১৯ তাৰিখ বুধবাৰে গুৱাহাটীতে কথাছবিৰ প্ৰিমিয়াৰ সম্পন্ন হ'ব । ছবিখনত দশৰ্কে গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি দেখা পাব বুলি কয় ৰীমা দাসে । লগতে গুৱাহাটীতে ছবিখনৰ কৰ্মকৰ্তা সকলৰ সৈতে ছবিখন উপভোগ কৰিব ৰীমা দাসে । লগতে ছবিখন সকলো অসম বাসীকে উপভোগ কৰিবলৈ আহ্বান জনায় ৰীমা দাসে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Vishwakarma Puja celebrated in Hojai

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com