বলীউডৰ অভিনেত্ৰী সাৰা আলি খানৰ ব্যক্তিত্বই লাভ কৰিছে চৰ্চাঃকিন্তু কিয়?

বলীউডৰ অভিনেত্ৰী সাৰা আলি খানৰ ব্যক্তিত্বই লাভ কৰিছে চৰ্চাঃকিন্তু কিয়?

বলীউডৰ অভিনেত্ৰী সাৰা আলী খানে ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷সম্প্ৰতি সাৰা আলি খানৰ এটি ভিডিঅ’ চৰ্চা লাভ কৰিছে। ভিডিঅ’টোত সাৰা আলি খানে নিজৰ যাৱতীয় বস্তু বাহনি বিমান বন্দৰত উঠোৱা নমোৱা কৰা দেখা গৈছে ৷ অৱশ্য প্ৰায় দেখা যায় যে বলীউডৰ ষ্টাৰ ছুপাৰষ্টাৰসকলৰ নিজৰ নিজৰ মেনেজাৰ বা সুৰক্ষা কৰ্মীয়ে তেওঁলোকক আৱৰি থাকে ৷কিন্তু সাৰা আলী খান এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ সেয়েহে সাৰা আলী খানৰ এই দৃশ্যত ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু সকলোৱে সাৰাক প্ৰশংসা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ঋষি কাপুৰ ৷

বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰে কয় যে অতি সুন্দৰ সাৰা ৷তুমি বলীউডৰ চেলিব্ৰেট্ৰীসকলৰ কাৰণে প্ৰেৰণা ৷নিজৰ বস্তু নিজে উঠোৱাতো কোনো ডাঙৰ কথা নহয় ৷বিমান বন্দৰত তোমাক সহায় কৰিবলৈ কোনো ব্যক্তি অথবা কোনো ক’লা চান গ্নাচৰ প্ৰয়োজন নাই ৷ তুমি এনেকৈয়ে বহুত কনফিডেন্টত থাকা ৷ আনহাতে বলীউডৰ অভিনেত্ৰী সাৰা আলী খানে সম্প্ৰতি লভ আজ কল টুত অভিনয় কৰি আছে । লগতে আছে কাৰ্তিক আয়ান ৷

উল্লেখ্য যে,পৰিচালক ইমতিয়াজ আলীৰ লভ আজ কল ২ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ দৃশ্য গ্ৰহণৰ বিভিন্ন আলোকচিত্ৰ অনুৰাগীলৈ আগবঢ়াইছ ৷

ইয়াৰ পিছতেই বলীউডৰ আন এজন অভিনেতা ৰনবীৰ সিং সাৰা আৰু কাৰ্তিক আয়ানক কয় যে পাহৰি নাযাবা সকলোতকৈ প্ৰথমতে কোনে মিলাইছিল ৷ ইফালে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান কফী উইথ কৰণত সাৰা আলি খানে কৈছিল যে কাৰ্তিক আয়ানক ভাল লাগে সাৰাৰ ৷আৰু সেই সময়তে সাৰা আৰু ৰনবীৰ সিঙে চিম্বা ছবিৰ প্ৰম্যোশ্যন কৰি আছিল ৷

ইয়াৰ পিছতেই এটি অনুষ্ঠান ৰনবীৰ সিঙে সাৰা আলি খান আৰু কাৰ্তিক আয়ানক চিনাকি কৰাই দিয়ে৷সদ্যহতে সাৰা আৰু কাৰ্তিক আয়ানে ইমতিয়াজ আলীৰ লভ আজ কল টু দৃশ্য গ্ৰহণ কৰি আছে ৷ ছবিখনৰ দৃশ্য গ্ৰহণ দিল্লী,উদয়পুৰ,মুম্বাই আৰু হিমাচল প্ৰদেশত কৰা হৈছে ৷

ইনষ্টাগ্ৰামৰ জৰিয়তে সাৰা আলি খানে লভ আজ কল টুৰ সকলো কলা কুশলীক উদ্দেশ্য কৰি বাৰ্তা প্ৰেৰণ কৰে। লগতে কাৰ্তিক আয়ানক উদ্দেশ্য কৰি সাৰাই লিখে যে মোক সকলো সময়তে কমফৰ্টেবল পৰিবেশ সৃষ্টি কৰি দিয়াৰ কাৰণে ধন্যবাদ ।কফীৰ পৰা চাহলৈকে প্ৰতিটো মুহুৰ্ততে মোক সংগ দিয়াৰ কাৰণে ধন্যবাদ ৷মই আশা কৰিছোঁ আমি আকৌ একেলগে আকৌ ছবি কৰিম।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bodo organizations stage protest in demand of separate Bodoland

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com