Begin typing your search above and press return to search.

বৃদ্ধাৰ ধন লোৱাটো অস্বীকাৰ কৰিলে ডকাইতে, কপালত খালে চুমা

বৃদ্ধাৰ ধন লোৱাটো অস্বীকাৰ কৰিলে ডকাইতে, কপালত খালে চুমা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Oct 2019 1:27 PM GMT

বৃদ্ধাৰ ধন লোৱাটো অস্বীকাৰ কৰিলে ডকাইতে , কপালত খালে চুমা। ব্ৰাজিলত সংঘটিত এটি ডকাইতি কাণ্ডৰ ভিডিঅ' হৈছে ভাইৰেল । ডকাইতি কাণ্ডটো সংঘটিত হৈছে ব্ৰাজিলৰ এখন মেডিকেল ষ্টোৰত ।এই ডকাইতি কাণ্ডটো আবদ্ধ হৈছে মেডিকেল ষ্টোৰ খনত থকা চি চি টিভিত ।‌ যিটো ভিডিঅ'ই এতিয়া ছোছিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে ।

ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে এখন মেডিকেল ষ্টোৰত হোৱা ডকাইতি কাণ্ডত এজন ডকাইতে এগৰাকী বৃদ্ধাৰ পৰা ধন লোৱাত অস্বীকাৰ কৰিছে । লগতে দেখিবলৈ পোৱা গৈছে যে ডকাইত দুজনে সেই স্থান ত্যাগ কৰাৰ আগত বৃদ্ধা গৰাকীৰ কপালত চুমা খাই ।

[video width="1280" height="720" mp4="https://assamese.sentinelassam.com/wp-content/uploads/sites/2/2019/10/Arned.mp4"][/video]

ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে এখন মেডিকেল ষ্টোৰত হেলমেট পৰিহিত দুজন ডকাইত প্ৰৱেশ কৰে । লগতে দোকান খনৰ মালিকক ধন দিবলৈ দাৱী কৰে । ভিডিঅ'টোত দেখা যায় যে ডকাইত দুজনৰ এজনে দোকান খনৰ পৰা ধন লৈ থকাৰ বিপৰীতে আন জনে বৃদ্ধা গৰাকীৰ লগত কথা পাতি থাকে । লগতে দোকান খনৰ মালিক জনে হাত ওপৰলৈ কৰি তলত বহি থকা দেখা যায় ।

এই সমগ্ৰ ঘটনাটো মঙ্গলবাৰে ব্ৰাজিলৰ আমৰানটে চহৰত সংঘটিত হয় ।

মেডিকেল ষ্টোৰ খনৰ মালিক জনে সংবাদ মাধ্যমৰ আগত জনায় যে ডকাইত দুজনে দোকানত প্ৰৱেশ কৰে আৰু দোকানৰ কৰ্মচাৰীক দোকান খনত থকা ধন দিবলৈ কয় । কিন্তু দোকান খনত থকা আন এগৰাকী বৃদ্ধা মহিলাৰ পৰা ধন নললে ডকাইত দুজনে । আনহাতে বৃদ্ধা গৰাকীক শান্ত থাকিবলৈ কোৱাৰ উপৰিও তেওঁৰ ধন নালাগে বুলি কয় ।

তথ্য অনুসৰি দুজনীয়া ডকাইতৰ দলটোৱে কমেও ডলাৰ হিচাপত ২৪০ টকা লুট কৰাৰ উপৰিও দোকান খনত থকা আন কিছুমান সামগ্ৰী লৈ যায় ।

অধিক খবৰৰ বাবে পঢ়ক: প্ৰেমিকে প্ৰেমিকাক চুৰিৰে আঘাত কৰাৰ পিছতেই কৰিলে আত্মহত্যা:চাঞ্চল্যৰ সৃষ্টি সৰ্বত্ৰে

ভিডিঅ প্ৰতক্ষ্য কৰক:Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Next Story
চাকৰি